অসম

লামডিঙত ৰাইজৰ সহযোগত আটক কৰিলে চোৰ

প্ৰথম খবৰ, নিউজ ব্যুৰ’: লামডিঙত ৰাইজে বহু দিনৰ পৰা খাপ পিটি অৱশেষত আজি ৰাইজৰ হাতত পৰিল চোৰটো ৷ আজি দিন দুপৰতে লামডিঙৰ কামাখ্যা কল’নিত এই চোৰটোৱে জৱা আচাৰ্য্য নামৰ মহিলাগৰাকীৰ ঘৰত সোমাই ম’বাইল ফোন সহ আৰু সা-সামগ্ৰী লৈ উধাও হয় ৷ সেই কথা গম পাই এই তিনিগৰাকী সাহসী যুৱতীয়ে চোৰক বিচাৰি অভিযান আৰম্ভ কৰে আৰু অৱশেষত লামডিঙৰ জংগলী কালাবাড়ীত আটক কৰি ৰচিৰে বান্ধি কামাখ্যা কলনি লৈ লৈ আহে ৷

আজি লামডিঙত এই তিনিগৰাকী সাহসী আৰু বুদ্ধিমানী যুৱতীকেইগৰাকীৰ বাবে বহু দিন ধৰি আৰক্ষীয়ে বিচাৰী ফুৰা চোৰটোক আটক কৰিবলৈ সক্ষম হয় ৷ চোৰটেৰ ওপৰত বহু দিনৰে পৰা সেই অঞ্চৰত সৰু বৰ বহুতো চোৰ কৰাৰ অভিযোগ আছিল ৷ অৱশেষত আৰক্ষী আহি বান্ধি থোৱা চোৰটোক আটক কৰি লৈ যায় ৷

Related Articles

Leave a Reply

Close