অসম

শাৰদীয় দুৰ্গা পূজাৰ নামত অপ-সংস্কৃতিৰ বীজ নিসিঁচিবলৈ একাংশ পূজা সমিতিক সকীয়নি

নিউজ ডেস্ক, প্ৰথম খবৰ: অসমৰ আৰু খিলঞ্জীয়া অসমীয়া ৰাইজৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে জন্মলগ্নৰে পৰা সংগ্ৰাম কৰি অহা ঐক্য সেনা অসমে অসমৰ কৃষ্টি, সংস্কৃতিৰ জৰিয়তে জাতি, বৰ্ণ, ভাষা নিৰ্বিশেষে প্ৰত্যেকজন অসমীয়াক বৃহত্তৰ অসমীয়া জাতি গঠনত বিশেষ ভূমিকা গ্ৰহণ কৰি ঐক্য সেনা অসমৰ সতে সহমত প্ৰকাশ কৰিবলৈ সংগঠনটোৰ কেন্দ্ৰীয় সভাপিত সঞ্জীৱ মহন্ত, কাৰ্যকৰী সভাপতি দেৱজ্যেতি শৰ্মা, সাধাৰণ সম্পাদক শ্বহিদুল ইছলাম, সম্পাদক হিতেশ কলিতা, মহিলা ঐক্য সেনা অসমৰ সভানেত্ৰী ভূশিতা কাশ্যপ, কোষাধ্যক্ষ ফাৰুক খানে অনুৰোধ জনাইছে বুলি কেন্দ্ৰীয় মুখ্য মুখপাত্ৰ কমল কুমাৰে এক প্ৰেছ বিজ্ঞতিৰ জৰিয়তে জনাইছে।

সংগঠনটোৰ দাবী অসমৰ অসমীয়াৰ প্ৰভূত্ব বিস্তাৰ হ’ব লাগিব। সকলো চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানত অসমীয়া ভাষা প্ৰচলন আৰু ১০০ শতাংশ অসমীয়া যুৱক-যুৱতী নিযুক্তিৰ লগতে অসমত বহিৰাগত বা বাংলাদেশীৰ দপদপনি কোনো কাৰণত সহ্য কৰা নহয় বুলি স্পষ্ট কৰি ভাৰতীয় সংস্কৃতিৰ নামত একাংশ প্ৰৰোচকে অসমৰ পৰম্পৰা, ঐতিহ্য, সংস্কৃতি ধ্বংস কৰি অশ্লীল গীত-মাত, মদ-ভাং আদিৰ যি বৰবিষ সিঁচিছে এইবোৰ কেতিয়াও ঐক্য সেনা অসমে সহ্য নকৰো বুলি হুকাংৰ দিয়ে। জাতিদ্ৰোহী কাম-কাজত লিপ্ত থকা বহিৰাগতসকলক সকীয়নি প্ৰদান কৰি মুখ্য মুখপাত্ৰ কমল কুমাৰৰ স্বাক্ষৰিত প্ৰেছ বিজ্ঞপ্তিত অসমৰ পৰম্পৰা ধ্বংসকাৰী তথা আইন-কানুন নমনাসকলৰ পৰিণাম ভয়াবহ হ’ব বুলি কেন্দ্ৰীয় সমিতিয়ে জনাইছে।

অসমীয়া সভ্যতা-সংস্কৃতি ধ্বংসকাৰী পূজা সমিতিসমূহে ঐক্য সেনা অসমৰ ওচৰত জবাবদিহি হ’ব লাগিব বুলিও ছাত্ৰ ঐক্য সেনা অসমৰ ৰাজ্যিক সভাপতি আছিফ জাহান হক আৰু সম্পাদক বিপ্লৱ কুমাৰ তালুকদাৰে জানিব দিয়ে।

ধৰ্মীয় ৰীতি-নীতি আদৰ্শৰে ভ্ৰাতৃত্ববোধ ঐক্যতাৰে জাতি-বৰ্ণ-ভাষা-নিৰ্বিশেষে উলহ-মালহেৰে শাৰদীয় দূৰ্গাপূজা উদযাপন কৰি সুস্থ বাতাবৰণ সৃষ্টি কৰি অসমীয়া জাতিটোৰ প্ৰাণ দিবলৈ সংগঠনটোৱে অনুৰোধ জনাইছে।

Related Articles

Leave a Reply

Close