অসম

শিক্ষক দীপক বৰাৰ মৃত্যু, চতিয়াত শোক

প্ৰথম খবৰ, চতিয়া: চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কৰ্মৰত শিক্ষক কৰতি গাঁৱৰ নিবাসী অতি অমায়িক, সৰবৰহী জনপ্ৰিয় ক্ৰীড়া সংগঠক দীপক বৰা (৫৩) ৰ আজি পুৱা টুমুকি চিকিৎসা মহাবিদ্যালয় হাস্পটালত মৃত্যু ঘটে। বিগত মে’ মাহত কৰ্কত ৰোগত আক্ৰান্ত হোৱা দীপক বৰাই উন্নত চিকিৎসাৰ কাৰণে চেন্নাইত চিকিৎসা গ্ৰহন কৰি কিছুদিন পূৰ্বে নিজ গৃহলৈ ঘূৰি আহিছিল।

কালি ৰাতি অসুস্থ হৈ পৰাত আজি ৰাতিপুৱা চিকিৎসাৰ বাবে নি থকা অৱস্থাত জটিল ৰূপ ধাৰণ কৰাত টুমুকি চিকিৎসা মহাবিদ্যালয় হাস্পটালত ভৰ্ত্তি কৰোৱা হয়। তাতে পুৱা ৮ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। আজি দিনৰ ১০:৩০ বজাত তেওঁৰ মৃতদেহ কৰ্মস্থলীলৈ আনি শেষ শ্ৰদ্ধা জ্ঞাপন কৰা হয়।

ইয়াৰ পিছত কৰতি গাঁৱৰ নিজা বাসভৱনত চতিয়া নাগৰিক সভা, চতিয়া ক্ৰীয়া সন্থা, চতিয়া শাখা সাহিত্য সভা, চতিয়া আঞ্চলিক ছাত্ৰ সন্থা, চতিয়া বণিক সন্থা, চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় , চতিয়া বালিকা উচ্চ ইংৰাজী বিদ্যালয়, চতিয়া অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সন্থা, চতিয়া শাখা জেষ্ঠ নাগৰিক সন্থা, কৰতি গাঁও সংগঠন, ৰহধৰ গাঁও নাট্য মন্দিৰ আদি বিভিন্ন সংগঠনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মৃত্যুৰ সময়ত তেওঁ পত্নী সমন্বিতে এজন পুত্ৰ, এগৰাকী কন্যাক ইহ সংসাৰত এৰি থৈ যায়।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close