Home / অসম /  শিক্ষক সকল দেশৰ কাৰিকৰ

 শিক্ষক সকল দেশৰ কাৰিকৰ

 দিবাকৰ ৰেণু ,নলবাৰী

আজি শিক্ষক দিৱস।আজিৰ দিনটোতেই ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি বিশিষ্ট দাৰ্শনিক পণ্ডিত ড° সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ ১৮৮৮ চনত জন্ম হৈছিল।এই গৰাকী প্ৰজ্ঞান পুৰুষে ১৯৬২ চনত যেতিয়া ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল,সেইসময়তেই এগৰাকী ছাত্ৰই তেখেতৰ জন্মদিনটো পালন কৰিব বিচৰাত,তেখেতে সমগ্ৰ শিক্ষকৰ বাবেই এই দিনটো পালন কৰাৰ পোষকতা কৰিছিল।তেলেগু ব্ৰাহ্মণ পৰিয়ালত জন্ম লভা এই গৰাকী বিশিষ্ট গৱেষকৰ এই আশাক সকলোৱে অভিবাদন জনাই,সেই তেতিয়াৰে পৰা,বৰ্তমানলৈ ভাৰতবৰ্ষত শিক্ষক দিৱস পালিত হৈ আহিছে।

শিক্ষকক ভাৰতীয় সভ্যতাত কোৱা হৈছে—

গুৰু ব্ৰহ্ম,গুৰু বিষ্ণু,গুৰুদেৱ মহেশ্বৰ আৰু তাতোকৈও উৰ্ধত পৰম ব্ৰহ্ম বুলি

আমি আৰুণি,উপমান্যু,একালব্য,দ্ৰোন,ভীষ্ম,কৰ্ণ আৰু অৰ্জুনৰ কাহিনীত গুৰু ভক্তিৰ অনেক কাহিনী পঢ়িছোঁ‌।

ভাৰতীয় সভ্যতাই কয়—

অতিথি দেৱ ভৱঃ
মাতৃ দেৱ ভৱঃ
পিতৃ দেৱ ভৱঃ
প্ৰকৃতি দেৱ ভৱঃ
গুৰুৰ দেৱ ভৱঃ

গুৰুৰ প্ৰতি,শিক্ষকৰ প্ৰতি আমাৰ এই সভ্য আচৰণক বিশ্বইও বন্দনা কৰে।আমাৰ আদৰ্শৰ হাড়ে হিমজুয়ে সোমাই আছে গুৰুৰ প্ৰতি থকা আস্থা আৰু সন্মানৰ কথা।আমাৰ আদিগুৰু মাতা পিতাৰ পিছতেই যি গুৰুয়েই গোটেই বিশ্বক পোহৰাই আমাৰ জ্ঞানৰ চকু মুকলি কৰে তেৱেই শিক্ষাগুৰু।গুৰুৰ সৰু বৰ নাই।প্ৰাক প্ৰাথমিকত শিকোৱা শিক্ষকজনৰ লগত বিশ্ববিদ্যালয়ৰ শিক্ষকৰ তুলনা কৰাটো বাতুলতাত বাহিৰে আন একোৱেই নহয়।

নাৰদীয় পুৰাণত উল্লেখ থকা কাহিনী অনুসৰি নাৰদৰ গুৰু আছিল এগৰাকী শুকৰ ৰক্ষক চণ্ডাল।(সেইয়া প্ৰকৃততে কৃষ্ণৰ মায়া আছিল) সেই সময়তেই গুৰুৰ কোনো জাতি ধৰ্ম উচ্চ নীচ যে নাই এই কথাটো শ্ৰীকৃষ্ণই নাৰদৰ গুৰু লাভ ৰ জৰিয়তে সৌ তাহানিতেই দেখুৱাই গৈছে।

আধুনিক যুগতো শিক্ষক আৰু ছাত্ৰৰ সম্পৰ্ক,মধুৰতা আমি দেখি আহিছোঁ‌ ।বৰ্তমান সমাজৰ গাঠনি আৰু সভ্যতাৰ বৰ্ণনাৰে ত্ৰৈলোক্য নাথ গোস্বামীয়ে লিখিছিল “এটা গৰম চোলা” নামৰ গল্পটো(শিৰোনামটো সঠিক মনত নাই)।আধুনিকতাৰ মেতমৰা সম্ভাৰৰ মাজত শিক্ষক সকল প্ৰায় বিলাক ক্ষেত্ৰতেই অৱহেলিত হৈ আহিছে।প্ৰচাৰ মাধ্যমতেই হওক বা সামাজিক ক্ষেত্ৰতেই হওক,শিক্ষকলৈ সকলোৰে চকু।এনেও শিক্ষক আছে,যি জীৱনৰ অন্তিম সময়লৈ বিদ্যালয়ত কাম কৰিলে কিন্তু তেওঁৰ বিদ্যালয়খন প্ৰাদেশিকীকৰণ নহ’ল।তেওঁ দৰমহাৰ টকা নাপালে।এনেও শিক্ষক আছে,যিয়েই চকুপানী মচি নিজৰ সন্তানক পানী খুৱাই ৰাতিপুৱা বালি বোকাৰে চাইকেললৈ গৈ ছাত্ৰক হাঁ‌হি হাঁ‌হি পাঠদান কৰিছে।শিক্ষক সকল মাৰ্মিক অভিনেতাও।শিক্ষকতা মানেই ত্যাগ।সকলোৱে যি কৰিব পাৰে,শিক্ষকে নোৱাৰে।শিক্ষক সকলক যে সকলোৱে লক্ষ্য কৰে।শিক্ষক সকল,সকলোৰে দৃষ্টিত ।

আমিও শিক্ষকতাৰে জৰিত প্ৰায় ৯ বছৰ ধৰি।কিন্তু আজিও নিজক শিক্ষক বুলি ক’ব পৰা হোৱা নাই।আমাৰ শিক্ষাগুৰু সকলৰ তুলনাত আমি তেনেই নগণ্য।প্ৰাথমিক বিদ্যালয়ত মহঃ বাছেৰ আলী চাৰ,মামণি পাঠক বাইদেউ,হাইস্কুলত যোগেশ গোস্বামী চাৰ,পবিন শৰ্মা চাৰ,জিতেন্দ্ৰ নাথ শৰ্মা চাৰ, কলেজ পৰ্যায়ত মঞ্জুদেৱী পেগু,ড° যমুনা শৰ্মা চৌধুৰী,ৰ উপৰিও আমাৰ আদৰ্শ গুৰু ড° চেলিম নিজামুদ্দিন চুব্বাৰাওজীক আজি এই পবিত্ৰ দিনত স্মৰণ কৰিছোঁ‌ ।তেখেত সকলৰ আদৰ্শ আৰু সেৱাৰ মাৰ্গ কিমান খিনি আমি ল’ব পাৰিছোঁ‌ নাজানো।মাত্ৰ এটাই ক’ম মোৰ বেয়াখিনি মোৰ নিজৰ,বাকী সকলো ভালখিনি সেই সকলৰ গুৰু আৰু শিক্ষকৰেই অৱদান।

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

*