অসম

শিক্ষানুষ্ঠানক ৰাজনীতিৰ পৰা আঁতৰত ৰখা উচিত: সাংসদ কামাখ্যা প্ৰসাদ তাছা

প্ৰথম খবৰ, শিৱসাগৰ: শিৱসাগৰত ৫৬ সংখ্যক শিক্ষক দিৱসত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সাংসদ কামাখ্যা প্ৰসাদ তাছাই ভাষণত কয় যে, শিক্ষকে ছাত্ৰ-ছাত্ৰীসকলক মানৱ সম্পদ ৰূপে গঢ়ি তুলিব পাৰিলেহে জাতিৰ উন্নতি হ’ব।

বৰ্তমান ৰাজনৈতিক নেতাৰ নিৰ্মাণ কৌশল চলি আছে কিন্তু শিক্ষক নিৰ্মাণৰ কৰ্মশালা গঢ়ি উঠা নাই। শিক্ষানুষ্ঠানৰ পৰা ৰাজনীতিক আতৰাই ৰখা উচিত। কোনো ৰাজনৈতিক দলকে বিদ্যালয়ত সভা অনুষ্ঠিত কৰিবলৈ দিয়া উচিত নহয় বুলি সাংসগগৰাকীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

এই সভাত শিৱসাগৰৰ বিশিষ্ট শিক্ষাবিদ দীপালী চলিহা, সোণাৰাম বৰুৱা, ড০ প্ৰকাশ কটকী, কাৰ্তিক দত্ত, ড০ হেমন্ত কুমাৰ ফুকনক শিৱসাগৰ শিক্ষা বিভাগে বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে।

Related Articles

Leave a Reply

Close