অসমশীৰ্ষ

শিলচৰত বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ জব্দ

প্ৰথম খবৰ, শিলচৰ: গোপন তথ্যৰ ভিত্তিত অভিযান চলাই বুধবাৰে নিশা কাছাৰ আৰক্ষীয়ে বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰিছে৷ ধলাই এলেকাৰ ভাগা বাজাৰ বনগ্ৰামৰ নুৰুল হক লস্কৰৰ ঘৰত অভিযান চলাই আৰক্ষীৰ বিশেষ অভিযানকাৰী দল এটাই এই ড্ৰাগছ খিনি জব্দ কৰে৷ নুৰুল হকৰ ঘৰৰ পৰা আৰক্ষীয়ে ৬৬৯ টি ড্ৰাগছ ভৰ্তি এম্পুল আৰু চাৰি পেকেট হেৰোইন জব্দ কৰিছে৷ লক্ষাধিক টকা মুল্যৰ ড্ৰাগচ সহ ধৃত ড্ৰাগছ ব্যৱসায়ী নুৰুল হকক শিলচৰ সদৰ থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

Related Articles

Leave a Reply

Close