অসমসাহিত্য

শিশুৰ বিকাশত শিক্ষক-অভিভাৱকৰ ভূমিকা

হিমাংশু ৰঞ্জন ভূঞা

শিক্ষা সমাজৰ মেৰুদণ্ড স্বৰূপ। এখন সুস্থ সৱল সমাজ শিক্ষা অবিহনে বৰ্তি থকা সম্ভৱ নহয়। সমাজত বাস কৰিবলৈ মানুহক আনুস্থানিক শিক্ষাৰ বাহিৰেও কিছুমান অনানুষ্ঠানিক শিক্ষাৰ প্ৰয়োজন যিবোৰে চৰিত্ৰ গঠন, ভাষা শিক্ষা, ব্যৱহাৰ পাতি, চাল-চলন আদিৰ প্ৰাৰম্ভিক জ্ঞান আহৰণত সহায় কৰে। শিশু অৱস্থাৰে পৰা সমাজত প্ৰচলিত প্ৰথা, পৰম্পৰা, ৰীতি-নীতি আৰু সংঘটিত ঘটনাৰাজীক অনুসৰণ কৰি এটি শিশুৱে তাৰ পৰিৱেশ-পৰিস্থিতিৰ লগত খাপ খাব পৰাকৈ নিজৰ চৰিত্ৰক গঢ় দিয়ে আৰু ডাঙৰ-দীঘল হয়। যথাৰ্থতে ঘৰখনেই হ’ল শিশুৰ প্ৰকৃত শিক্ষাৰ ঠাই। জন্মৰ পৰা বুজিব পৰা হোৱালৈকে শিশুৱে পিতা-মাতাৰ বুকুৰ উম লৈ ঘৰখনৰ পৰিৱেশৰ মাজত ডাঙৰ-দীঘল হয় আৰু সেই পৰিৱেশেৰেই গঢ় লৈ উঠে। গতিকে ঘৰখনেই সকলো শিশুৰ বাবে আপোন আৰু শিশুৰ সৰ্বাংগীন বিকাশৰ বাবে পিতৃ-মাতৃ অভিভাৱকসকল দায়বদ্ধ। সেয়ে প্ৰত্যেকজন পিতৃ-মাতৃ বা অভিভাৱকে নিজৰ কিছু স্বাৰ্থ ত্যাগ কৰি সন্তানসকলৰ লগত আন্তৰিকতাৰে কিছু সময়ত কটোৱা উচিত। তেতিয়াহে শিশুসকলৰ মনত ইতিবাচক চিন্তাই থিতাপি ল’ব আৰু ভৱিষ্যতে পিতৃ-মাতৃ অভিভাৱক তথা সমাজখনৰ বাবে তেওঁলোকেও স্বাৰ্থ ত্যাগ কৰিবলৈ শিকিব। ইতিবাচক চিন্তাই মানুহক সকলো ভাল গুণৰ অধিকাৰী হোৱাত সহায় কৰে। ইতিবাচক চিন্তাধাৰাৰ ব্যক্তিয়ে সকলোৰে লগত এটা ভাল সম্পৰ্ক বজাই ৰাখিবলৈ সক্ষম হয়। যিকোনো সমস্যাৰ সন্মুখীন হ’লে তাক হেলাৰঙে সমাধান কৰিব পাৰে আৰু সকলো ধৰণৰ দূৰ্ভাৱনা আৰু বিৰক্তিৰ পৰা আঁতৰত থাকি এজন সুখী মানুহ হিচাপে জীৱন অতিবাহিত কৰিব পাৰে। আমি সকলোৱে অনুভৱ কৰো যে- সময় কাৰো বাবে ৰৈ নাথাকে। গতিশীল সময়ৰ ওপৰতে ভিত্তি কৰি মানৱ জীৱনৰ সকলো কাৰ্য পৰিচালিত হয়। প্ৰখ্যাত বিজ্ঞানী পিটাৰ ডাকাৰৰ মতে, ‘সময় হৈছে মানুহৰ আটাইতকৈ আপুৰুগীয়া সম্পদ। যিসকলে সময়ক সঠিকভাৱে কামত লগাব নোৱাৰে, সেইসকল লোকে কোনো কামেই সঠিক সময়ত সঠিকভাৱে সম্পন্ন কৰিব নোৱাৰে’। সাম্প্ৰতিক সময়ত অধিকাংশ লোকৰে মুখত ‘সময়ে নাই’ এই ধৰণৰ উক্তি সাধাৰণতে প্ৰকাশ পোৱা দেখা যায়। গতানুগতিক স্বভাৱসুলভ মনোবৃত্তিৰে প্ৰকাশ কৰা এনে মন্তব্যই প্ৰকৃততে দৈনন্দিন জীৱন যাত্ৰাত সময়ৰ উচিত ব্যৱহাৰ যে কৰিব পৰা নাই সেই কথাটোহে প্ৰতিপন্ন কৰে। আচলতে সময়ক সৎ ব্যৱহাৰ কৰা সকলৰ বাবে সামাজিক ক্ষেত্ৰত অৰিহণা আৰু দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় দিশসমূহৰ কাম-কাজসমূহ সম্পাদন কৰাৰ ক্ষেত্ৰত সময়ৰ নাটনি কেতিয়াও হ’ব নোৱাৰে। দৰাচলতে মানুহৰ জীৱনলৈ সুখ-দুখ, বিশাদ, ৰং, আনন্দ, মানদকতা এই সকলোবোৰ সময়ৰ আহ্বানতে আহে। গতিকে সময়ৰ সৎ প্ৰয়োগ কৰাটো প্ৰত্যেকজন ব্যক্তিৰে মুখ্য কৰ্তব্য হোৱা উচিত। বিষয়টো এই লেখালৈ এই কাৰণেই জেৰ টনা হৈছে যে- সন্তানে নিজ নিজ পিতৃ-মাতৃ, শিক্ষক, অভিভাৱক অথবা জ্যেষ্ঠজনৰ পৰা সময়ৰ সৎ ব্যৱহাৰৰ ওপৰত জ্ঞান লাভ কৰে। আদৰ্শ গ্ৰহণ কৰে আৰু সেই জ্ঞান আদৰ্শৰ দ্বাৰাহে সন্তানসকলে নিজকে গঢ়ি তোলাৰ পথত অগ্ৰহৰ হ’ব পাৰে। ইয়াৰ বাবে অভিভাৱক আৰু পিতৃ-মাতৃৰ সচেতনতাইহে প্ৰকৃত দিশ নিৰ্ণয় কৰে।

দেখা যায়, আমাৰ গ্ৰাম্য সমাজত বহু পৰিয়ালৰ বহু পিতৃ-মাতৃয়ে নিজৰ সন্তানক লৈ সিমান চিন্তিত নহয়। বেছিভাগ পিতৃ-মাতৃয়ে বিদ্যালয়ত নামভৰ্তি কৰাৰ আগতে ঘৰত কোনো ধৰণৰ সন্তানক শিক্ষা প্ৰদান নকৰে। ‘বিদ্যালয়ত নাম লগাই দিলে- শিক্ষকে পঢ়াব’। এই মানসিকতাৰে বহু পিতৃ-মাতৃয়ে নিজ নিজ সন্তানক বিদ্যালয়লৈ পঠাই দিয়ে। সাম্প্ৰতিক ভোগ-বিলাসৰ এই পৃথিৱীখনত বহু পিতৃ—মাতৃয়ে নিজৰ স্বাৰ্থক উদ্ধত ৰাখি ঘৰখনৰ পৰিৱেশ নষ্ট কৰে আৰু অৰ্থই সৰ্বস্ব বুলি এটা ধাৰণা সাৱটি ৰাখে। ফলত বিপথে পৰিচালিত শিশু-যুৱকৰ সংখ্যা সমাজত নিচেই তাকৰ নহয়। শিশুক বিদ্যালয়লৈ পঠিয়াই দিয়াৰ পাছত পিতৃ-মাতৃয়ে এবাৰো ভাবি নাচায় যে, বিদ্যালয়ত এটা নিৰ্দিষ্ট সময়ৰ নিৰ্দিষ্ট পাঠ্যক্ৰম শেষ কৰিব লাগে। সেয়েহে এটা শ্ৰেণীকোঠাত থকা সকলো ছাত্ৰ-ছাত্ৰীক ব্যক্তিগতভাৱে গুৰুত্ব দিবলৈ শিক্ষকসকলৰ সময় নাথাকে। এইটো স্পষ্ট যে- সন্তানৰ মানসিকতা, শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধন আদিত মাতৃসকলৰ দায়িত্ব আৰু কৰ্তব্যই হে প্ৰধান ভূমিকা গ্ৰহণ কৰে। গতিকে মাতৃগৰাকীৰ চাল-চলন, কথা-বতৰা, স্বভাৱ-চৰিত্ৰ আদিৰ প্ৰভাৱ সন্তানসকলৰ গালৈকেও গতি কৰে। গতিকে এটা উচিত আৰু শুদ্ধ পৰিৱেশত যাতে মাতৃগৰাকীয়ে সন্তানক তুলি-তালি ডাঙৰ-দীঘল কৰিব পাৰে, তাৰ বাবে ঘৰখনৰ প্ৰত্যেকজন সদস্যৰ কৰ্তব্য অপৰিসীম। কিন্তু সম্প্ৰতি দেখা গৈছে যে- আধুনিকতাৰ নামত আমাৰ সমাজৰ বহু সংখ্যক কম বয়সীয়া ল’ৰা-ছোৱালী উচ্ছৃংখলতাৰ মাজলৈ গতি কৰিছে আৰু কিছুমান দৃষ্টিকটু উদ্ভাণ্ডালিৰে ভয়ানক অৱস্থাৰ সৃষ্টি কৰিছে আৰু জীৱনৰ মূল আঁত ডালৰ পৰা আঁতৰি গৈছে। এনে অৱস্থাৰ কিয় সৃষ্টি হৈছে সেই সম্পৰ্কত দৃষ্টি দিয়াটো প্ৰত্যোকজন পিতৃ-মাতৃ, প্ৰত্যেকজন অভিভাৱকৰে কৰ্তব্য হোৱা উচিত। প্ৰত্যেকজন পিতৃ-মাতৃয়ে যদি নিজ নিজ সন্তানক এটা উপযুক্ত পথৰ সন্ধান দিব পাৰে তেনেহ’লে সমগ্ৰ সমাজখনে উন্নীত হ’ব আৰু আমাৰ উত্তৰপুৰুষসকল প্ৰকৃত মানৱ সম্পদলৈ যে পৰিণত হ’ব পাৰিব- সি নিশ্চিত।

সময় সলনি হোৱাৰ লগে লগে মানুহৰ জীৱন যাত্ৰাও সলনি হৈছে। বহুতো পুৰণি নীতি এৰিবলগীয়া হৈছে। এটা সময়ত পিতৃ-মাতৃ, ককাক-আইতাকসকলে কিছু নীতি শিক্ষাৰ প্ৰদানৰ জৰিয়তে কিছু নীতি-নিয়মৰ মাজেৰে ডাঙৰ-দীঘল হোৱাৰ কৌশল শিকাইছিল। সেইসমূহৰ ভিতৰত সন্ধিয়া হোৱাৰ লগে লগে হাত-ভৰি ধুই প্ৰাৰ্থনা কৰি পঢ়া-শুনাত বহিব লাগিব, পুৱা সোনকালে শুৱা পাটি এৰিব লাগিব আৰু মুখ-হাত ধুই পঢ়াত বহিব লাগিব। সাধু কোৱাৰ চলেৰে মহৎ লোকৰ জীৱনিৰে শিশুটিৰ কোমল মনত ৰেখাপাত কৰিবলৈ চলোৱা চেষ্টা, এইটো কৰিব নাপায়, সেইটো ল’ব নাপায়, ডাঙৰক সন্মান কৰিব লাগে আদি ব্যৱস্থাবোৰে শিশুৰ চৰিত্ৰ গঠনত স্বাভাৱিকতে সহায় কৰিছিল। কিন্তু অতিসম্প্ৰতি অধিকাংশ শিশুৰ ক্ষেত্ৰতে দেখা যায় বিদ্যালয়ৰ পৰা অহাৰ পাছত হয় টি ভিৰ কাৰ্টুনৰ সন্মুখত বহিব, নহয় কম্পিউটাৰ ইণ্টাৰনেট, ম’বাইল গেমছ লৈ ব্যস্ত হৈ পৰিব। পুৱা-গধূলি দুই বেলা ঘৰুৱা শিক্ষকৰ ওচৰত পঢ়া-শুনা কৰি ঘৰ সোমাব। ইফালে বিদ্যালয়ৰ তথাকথিত গৃহকৰ্মৰ ব্যস্ততাটো আছেই। বৰ্তমান ককাক-আইতাকৰ মৰম সনা সানিধ্য শিশুসকলৰ পৰা বহু আঁতৰত। কাৰণ আজি ককাক-আইতাকক এৰি থৈ অহা হৈছে কোনো ‘বৃদ্ধাশ্ৰম’ৰ পদুলিত। ফলত শিশুসকল কোনো ধৰণৰ নৈতিক শিক্ষাৰে শিক্ষিত হ’ব নোৱাৰে। ঘৰলৈ আলহি আহিলে বহক বুলি কোৱা অথবা মাত-বুল কৰি কথা-বতৰা পতাৰ নূন্যতম ভদ্ৰতা-শিষ্টাচাৰ আদিবোৰো এইসকল শিশুৰ ক্ষেত্ৰত নাথাকে।

এনে প্ৰেক্ষপটত আজি প্ৰতিগৰাকী পিতৃ-মাতৃ, অভিভাৱকৰ এটাই কৰ্তব্য হোৱা উচিত- প্ৰতিজন শিশু আৰু নৱপ্ৰজন্ম অন্তত দয়া, মায়া, মমতা, ক্ষমা, ভাতৃত্ব, বন্ধুত্ব, ব্যৱহাৰ, চাল-চলন আদি মানৱীয় গুণ বা প্ৰমূল্যবোধসমূহৰ অধিকাৰী কৰি সিহঁতৰ জীৱন যাত্ৰা সুশৃংখল কৰিব পৰাকৈ ঘৰখনত এটা পৰিৱেশ তৈয়াৰ কৰিব লাগিব। ইয়াৰ বিপৰীতে শিশুৰ চৰিত্ৰ গঠনত বিদ্যালয়ৰ মজিয়াত শিক্ষকসকলৰ ভূমিকাও যে অপৰিসীম তাক নুই কৰিব নোৱাৰি। দৰাচলতে ছাত্ৰ-ছাত্ৰীসকলে শিক্ষকসকলক আটাইতকৈ বেছি অনুসৰণ কৰে। গতিকে বিদ্যালয়ত ভৰি দিয়াৰ পাছৰে পৰা শিশুসকলক উপযুক্ত সম্পদ হিচাপে গঢ়ি তোলাৰ দিশত সমাজে প্ৰচুৰ দায়িত্ব পালন কৰাটো প্ৰয়োজন। এক কথাত শিশুসকলৰ দৈহিক মানসিক, বৌদ্ধিক আধ্যাত্মিক এই সকলো দিশ প্ৰস্ফুটিত হোৱাৰ সুযোগ ঘটে শিক্ষকসকলৰ মাধ্যমেদিয়ে। সেয়ে ঋষি অৰবিন্দই শিক্ষকসকলক মালীৰ লগত তুলনা কৰি কৈছে যে, ‘শিক্ষকসকল ৰাষ্ট্ৰৰ সংস্কৃতি পথাৰৰ মালী স্বৰূপ। মালীগৰাকীয়ে যেনেকৈ ফুলনি দৰাত থকা ফুলগছ বিলাকত সাৰ পানী যোগায়, চিকুনাই ৰাখি লহপহকৈ বঢ়াত সহায় কৰে যাৰ পৰিণতিত সময়ত ফুলগছ বিলাক বহুৰঙী ফুলেৰে জাতিষ্কাৰ হৈ পৰে থিক তেনেকৈয়ে শিক্ষকসকলেও নিষ্ঠা, একাগ্ৰতা আৰু আদৰ্শনিষ্ঠ কৰ্মৰাজিৰ মাধ্যমেৰে শিশু ছাত্ৰ-ছাত্ৰীসকলক জ্ঞানৰ বন্তিৰে উজলাই তোলাত অৰিহণা যোগাব লাগে। এনে কৰিলেহে সময়ত শিশুসকল একো একোজন প্ৰকৃত মানৱ সম্পদলৈ পৰিণত হ’ব আৰু সমাজখনৰ উন্নয়নৰ বাবে বিপুল অৰিহণা যোগাবলৈ সক্ষম হ’ব। আমি পাহৰি যাব নালাগিব- এটা সাধাৰণ পৰিয়ালৰ মাজৰ পৰাই উজ্বলি উঠিব পাৰে বিশ্ববন্দীত নাৰী পুৰুষৰ।

আমি প্ৰত্যেকজন পিতৃ-মাতৃ আৰু অভিভাৱকে পাহৰিব নালাগিব ধন-সম্পত্তি, টকা-পইচাৰ বলত অহংকাৰী হৈ নিজ সন্তানক লাহ-বিলাহ, প্ৰাচুৰ্যৰ হেতালিৰে বেলুনৰ দৰে উৰি ফুৰিবলৈ দিলে এসময়ত ফুটি যোৱা বেলুনৰ দৰেই সি সমাজৰ এক আৱৰ্জনা বা বোজা লৈহে পৰিণত হ’বগৈ। বেলুন যিমানে ৰংচঙীয়া নহওক, সি সদায় খেলাৰ সামগ্ৰী হৈ থাকে আৰু এটা সময়ত ফুটি গৈ অস্তিত্বহীন হৈ পৰে। এই বিষয়সমূহলৈ লক্ষ্য ৰাখি আমি সকলোৱে আমাৰ উত্তৰ পুৰুষসকলক কিদৰে উপযুক্ত পথেৰে আগবঢ়াই দিব পাৰো তাৰ বাবেহে পদক্ষেপ গ্ৰহণ কৰা নিতান্তই প্ৰয়োজনীয় আৰু এই প্ৰয়োজনীয়তাৰ খাতিৰতে আমি এটা সুস্থ পৰিৱেশ সৃষ্টি কৰি ভৱিষ্যত প্ৰজন্মক গঢ়ি তোলাৰ কৰ্তব্য নিশ্চয় পালন কৰিব পাৰোঁ। এনে কৰিলেহে আমাৰ সমাজ ব্যৱস্থা শক্তিশালী হ’ব আৰু আমিও নিশ্চয় এগৰাকী শিক্ষক, পিতৃ-মাতৃ অথবা অভিভাৱক হিচাপে সফলতাৰ জখলাত বগাবলৈ সক্ষম হ’ব পাৰিব।

 

 

 

 

 

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close