অসমশীৰ্ষ

শিৱসাগৰত আৱকাৰী বিভাগৰ পুনৰ অবৈধ মদৰ ঘাটি উচ্ছেদ  

প্ৰথম খবৰ, শিৱসাগৰ: শিৱসাগৰ জিলা আৱকাৰী বিভাগৰ পৰিদৰ্শক আশোতোষ বৰুৱাৰ নেতৃত্বত আজি পুনৰ শিৱসাগৰ জিলাত চলি থকা অবৈধ মদৰ ঘাটী সমূহ উচ্ছেদ অভিযান চলাই সফলতা অৰ্জন কৰে। শিৱসাগৰ জিলাৰ বিভিন্ন স্থানত এই অভিযানত ১৩.৭৫০ লিটাৰ বিলাটি মদৰ লগতে ৪৯ লিটাৰ দেশীয় মহলৰ মদ আৰু ১১০ লিটাৰ চুলাই মদৰ উপৰিও ৫৮০ লিটাৰৰ চুলাই মদৰ ৰখা বাচন আৰু ৯ টা চুলাই বনোৱা সজুলী জব্দ কৰিবলৈ সক্ষম হয়। এই অভিযানত কালত বৰ্তমানলৈকে ৬৬ টা গোছৰ ৰুজু কৰিছে। অভিযানত শিৱসাগৰ নগৰ, জয়সাগৰ অসামৰিক চিকিৎসালয়ৰ সন্মুখ, চৰগুৱা, ডিমৌ, জয়ৰাপাৰ আদিত অভিযান চলাই বিশেষ ভাবে সফল হোৱা বুলি শিৱসাগৰ জিলা জনসংযোগ বিষয়াৰ তৰফে জানিব পৰা গৈছে।

কিন্তু এতিয়াও কালুগাঁও বৰপাত্ৰ তিনিআলি, আমতল চাৰিআলি, গায়ন গাঁও, তিনিকুৰিয়া, কঠালবৰিয়া, মগৰাহাট, দেৱলীয়া, মগৰাহাট চাৰিআলি, মাহীকুৰ আদিত এই অভিযানে ধুকি পাব পৰা নাই। এই অঞ্চল তথা গাঁও সমুহত সম্প্ৰতি ৰমৰমীয়া অবৈধ মদৰ ব্যৱসায় চলাই থকা পৰিলক্ষিত হৈছে। এক বিশেষ সুত্ৰে জানিব পৰা মতে, এই অঞ্চলৰ অবৈধ মদ বেপাৰীৰ পৰা পুলিচ প্ৰশাসনে মাহেকীয়া কমিচন পাই থকাৰ বাবেই অভিযানে ধুকি পাবলৈ সক্ষম হোৱা নাই। অভিযান চলালেও সফল হ’ব নোৱাৰিব, কাৰণ অভিযানৰ আগতীয়া আগজাননী পোৱাৰ থলৰ বাবেই অভিযানৰ আগেই অবৈধ মদ ব্যৱসায়ীসকল সাধুসন্তলৈ পৰিণত হয়।

Related Articles

Leave a Reply

Close