অসম

শিৱসাগৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগ, কৃতি শিক্ষক বঁটাৰে বিভূষিত তেলীয়াডোঙাৰ প্ৰধান শিক্ষক ৰূপেশ্বৰ পাংগিং

দিখৌমুখৰ পৰা প্ৰণৱ খাাটনিয়াৰ, প্ৰথম খবৰ: শিৱসাগৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ দ্বাৰা চলিত বৰ্ষৰ কৃতি শিক্ষকৰ বঁটা লাভ কৰিছে দিখৌমুখৰ তেলীয়াডোঙা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰূপেশ্বৰ পাংগিঙে৷ উল্লেখ্য বিগত তিনিটা বৰ্ষ ধৰি শিৱসাগৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে প্ৰতি বৰ্ষত জিলাখনৰ একোজনকৈ শিক্ষকক নিৰ্বাচন কৰি কৃতি শিক্ষক বঁটাৰে সন্মানিত কৰি আহিছে৷ চলিত বৰ্ষৰ নিৰ্বাচিত শিক্ষক ৰূপেশ্বৰ পাংগিঙক বঁটা প্ৰদান কৰাৰ উদেশ্যে আজি তেলীয়াডোঙা প্ৰাথমিক বিদ্যালয়ত আয়োজিত সভাত সভাপতিত্ব কৰে সংশ্লিষ্ট মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি টুটু বৰঠাকুৰে৷

দিখৌমুখ প্ৰাথমিক শিক্ষক কেন্দ্ৰৰ সম্পাদক বিকাশ কুমাৰ বড়াই আঁত ধৰা তথা শিৱসাগৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক বিমল চন্দ্ৰ গগৈয়ে উদেশ্য ব্যাখ্যা কৰা উক্ত সভাত সংশ্লিষ্ট শিক্ষক সন্মিলনীৰ উপ সভাপতি উমাকান্ত গোহাঁই, সহঃ সম্পাদক অৰুণ কলিতা, সাংগঠনিক সম্পাদক ইমৰাণ আলি, ৰাজ্যিক সদস্য দীপাংকৰ কোৱঁৰ, স্বৰূপ গোহাঁই, ৰাজ্যিক সদস্যা অঞ্জলি শইকীয়া, হিচাপ পৰীক্ষক হেমন্ত কাগ্‌য়ুঙ, প্ৰাক্তন সাংগঠনিক সম্পাদক জীৱন দাস, কৃতী শিক্ষক হৰেশ ভৰালী আৰু অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰদীপ ৰঞ্জন বৰুৱা উপস্থিত থাকে৷ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে এটি কোৰাচ পৰিৱেশনেৰে আৰম্ভ হোৱা উক্ত সভাতে শিৱসাগৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি-সম্পাদক প্ৰমুখ্যে বিষয়-ববীয়া সকলে এখন সফুৰা, চেলেং চাদৰ, গামোচা আৰু মানপত্ৰেৰে সম্বৰ্ধনা জ্ঞাপন কৰি প্ৰধান শিক্ষক ৰূপেশ্বৰ পাংগিঙক কৃতি শিক্ষক বঁটাৰে বিভূষিত কৰে৷

বঁটা লাভ কৰি বঁটাপ্ৰাপক ৰূপেশ্বৰ পাংগিঙে কৃতজ্ঞতা সূচক বক্তব্য ৰখা উক্ত সভাত সভাপতি টুটু বৰঠাকুৰে ভাষণ প্ৰদান কৰি আগন্তুক জিলাখনৰ বিদ্যালয় সমূহৰ গুণোৎসৱত শিৱসাগৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ অন্তৰ্গত সমূহ বিদ্যালয়ক সম্পূৰ্ণ প্ৰস্তুতি সহকাৰে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়৷ বিদ্যালয় সমূহে ঐক্যবদ্ধভাৱে আন্তৰিকতাৰে প্ৰচেষ্টা চলালেহে গুণোৎসৱৰ ফলাফলত সমগ্ৰ শিৱসাগৰ জিলাক শৈক্ষিক ক্ষেত্ৰত শ্ৰেষ্ঠ হিচাবে জিলিকাই তুলিব পৰা যাব বুলি সভাপতি গৰাকীয়ে ভাষণ প্ৰসংগত মন্তব্য প্ৰকাশ কৰে৷

Related Articles

Leave a Reply

Close