অসমশীৰ্ষৰাষ্ট্ৰীয়

শীঘ্ৰে আহিব নতুন ৰাজধানী এক্সপ্ৰেছ

নেশ্যনেল ডেস্ক, প্ৰথম খবৰ: ভাৰতীয় ৰে’ল সেৱাত সংযোজিত হ’ব এখন নতুন ৰাজধানী এক্সপ্ৰেছ। দিল্লীৰ পৰা মুম্বাইলৈ চলিবলগীয়া এই ৰে’ল গাড়ীখন হ’ব সেইটো ৰুটত চলা তৃতীয়খন ৰাজধানী এক্সপ্ৰেছ। এই কথা সদৰি কৰে ভাৰতীয় ৰে’ল বিভাগৰ উচ্চপদস্থ বিষয়ববীয়াই।

ৰে’ল বিভাগৰ কৰ্তৃপক্ষই জনোৱা মতে, চলিত বৰ্ষৰ দীপাৱলীৰ সময়ত মুকলি কৰা হ’ব এই ৰে’ল যাত্ৰা। বান্দ্ৰাৰ পৰা নিজামুদ্দিনলৈ মাত্ৰ ১৩ ঘণ্টাতেই গৈ পাব যাত্ৰীসকলে। ইয়াৰ পূৰ্বে চলি থকা দুখন ৰাজধানী এক্সপ্ৰেছ ক্ৰমে ‘ক্ৰান্তি ৰাজধানী’ আৰু ‘মুম্বাই চেণ্ট্ৰেল নিউ দিল্লী ৰাজধানী’ দুয়োখন ৰে’লে সমগ্ৰ পথ অতিক্ৰম কৰিছিল ১৫ ঘণ্টাত।

Related Articles

Leave a Reply

Close