অসমশীৰ্ষ

সংকটাপন্ন জাঁজী নদীৰ উত্তৰ পাৰৰ মথাউৰি

জাঁজীৰ পৰা ধ্রুৱজ্যোতি ভট্টাচাৰ্য, প্ৰথম খবৰ: যোৰহাট জিলাৰ টীয়ক বিধান সভা সমষ্টিৰ জাঁজী নদীৰ উত্তৰ পাৰৰ মথাউৰিটো এতিয়া জলসম্পদ বিভাগ তথা স্থানীয় প্ৰশাসনৰ অৱহেলা আৰু একাংশ স্থানীয় লোকৰ দৌৰাত্ম্যৰ ফলত সংকটাপন্ন হৈ পৰিছে।

জাঁজীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ললিত চন্দ্ৰ ৰাজখোৱা পথৰ তামুলিছিগা দলঙলৈ প্রায় ৬.৫ কি.মি দৈঘ্যৰ এই মথাউৰিটো শিমলুগুৰি মৌজাৰ প্রায় ১৫/১৬ খন গাঁৱৰ বহু হাজাৰ জনতাৰ যাতায়তৰ পথ।

সম্প্ৰতি এই মথাউৰিটোৰ অৱস্থা একেবাৰেই শোচনীয় হৈ পৰিছে। মেৰামতিৰ অভাৱত দুৰ্বল হৈ পৰা মথাউৰিটোৰ ওপৰেদি গধুৰ বাহনৰ চলাচলে অধিক ক্ষতিগ্ৰস্থ কৰিছে মথাউৰিটো । স্থানীয় ৰাইজে উত্থাপন কৰা অভিযোগ অনুসৰি এজন স্থানীয় পঞ্চায়ত প্ৰতিনিধিয়ে প্ৰতিদিনেই মথাউৰিটোৰ ওপৰেদি সংশ্লিষ্ট বিভাগক ভেঙুচালি কৰি কেইবাখনো মাটি আৰু বালি সৰবৰাহ কৰা গধুৰ বাহন চলাচল কৰাই আছে।

এইজন মুনাফালোভী পঞ্চায়ত প্ৰতিনিধিৰ লগত আন কেইবাজনো অসাধু ব্যৱসায়ীয়ে মথাউৰিত গধুৰ বাহন চলাচল কৰাই আছে। ফলত মথাউৰিটোৰ তামুলিছিগা সোণাৰী গাঁৱৰ মীপত একাঁঠু বোকা হৈ পৰিছে। ইফালে অবৈধ বালি ব্যৱসায়ীয়ে মথাউৰিটোৰ গা অংশ যধে-মধে কাটি ৰেম্প তৈয়াৰ কৰাৰ ফলত সংকুচিত হৈছে। অনুৰূপ ধৰণে মথাউৰিৰ গাতে লগাই বাসগৃহ সজা এচামে খহাই পেলাইছে মথাউৰিৰ বহু অংশ। স্থানীয় ৰাইজে মথাউৰিটো তৎকালে পুণৰ নিৰ্মানৰ দাবী জনাইছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close