অসম

সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ ঈদ মোবাৰক

প্ৰথম খবৰ, চাবুৱা: আজি পৱিত্ৰ ঈদ ৷ সমগ্ৰ বিশ্বজুৰি চলিছে পবিত্ৰ ঈদৰ ব্যপক আয়োজন ৷ ভাতৃ আৰু একতাৰ বান্ধোনেৰে অসমতো প্ৰান্তে প্ৰান্তে ইচলাম ধৰ্মালম্বী লোকসকলৰ মাজত পালন কৰা হৈছে ঈদ-উজ-জ্জোহা ৷ আজি পৱিত্ৰ ঈদৰ দিনাখন উজনি অসমৰ অন্যতম মটক জনগোষ্ঠীয় সংগঠন সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদে অসমবাসীলৈ ঈদ উজ জ্জোহাৰ শুভেচ্ছা জনাইছে । সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱাই শুভেচ্ছা বাৰ্তাত কয় যে, এই ঈদে অসমত উচ্চনীচ, ডাঙৰ সৰু, জাতি ধৰ্মৰ মাজত ভাতৃত্ববোধ জগাই তুলিব আৰু শান্তিৰ অসম গঢ়াত সহায় কৰিব।

Related Articles

Leave a Reply

Close