অসম

সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী

দেওমৰনৈৰ পৰা নিৰঞ্জন শইকীয়া, প্ৰথম খবৰ: ৰাজ্যত দীনদয়াল উপাধ্যায় মহাবিদ্যালয় নামাকৰণ বন্ধ কৰা, শিক্ষানুস্থানসমূহত মাতৃভাষা শিক্ষা প্ৰৱৰ্তন কৰা, অসমীয়া মাধ্যমৰ বিদ্যালয়ত অনাঅসমীয়া শিক্ষক নিযুক্তি বন্ধ কৰা, ইংৰাজী মাধ্যমৰ আদৰ্শ বিদ্যালয় প্ৰতিষ্ঠাৰ বিৰোদ্ধে আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সমগ্ৰ অসমৰ লগতে সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সহস্ৰাধিক কৰ্মীৰ উপস্থিতিত দিনৰ বাৰ বজাত মংগলদৈ চহৰৰে এক শোভাযাত্ৰাৰে উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্থ কৰে।

সংগঠনটোৱে বিজেপি চৰকাৰ হায় হায়, দীনদয়াল উপাধ্যায় নামৰ মহাবিদ্যালয় বন্ধ কৰক, অসম চৰকাৰ হায় হায় আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰে। কাৰ্যসূচীত জিলা ছাত্ৰ সন্থাৰ সভাপতি সম্পাদককে ধৰি ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যৰ লগতে স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে ।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close