অসম

সমগ্ৰ অসমৰ লগতে চিচিবৰগাঁৱতো উদযাপিত হ’ল ৫৬ সংখ্যক শিক্ষক দিৱস

প্ৰথম খবৰ, চিচিবৰগাঁও: বিশ্ববিশ্ৰুত দাৰ্শনিক, ৰাজনীতিবিদ, লিখক তথা শিক্ষক ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ১২৯ তম্ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চিচিবৰগাঁৱৰ বিভিন্ন শিক্ষানুষ্ঠানত সশ্ৰদ্ধ স্মৰণেৰে ৫৬ সংখ্যক ‘শিক্ষক দিৱস’টি উলহ মালহেৰে উদযাপন কৰা হয়। চিচিবৰগাঁওস্থিত শংকৰদেৱ শিশু নিকেতন, মজলীয়া বিদ্যালয়, চিচি চাৰিআলি বালি মধ্য ইংৰাজী বিদ্যালয় আৰু উচ্চ মাধ্যমিক বিদ্যালয়, চিচি চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়, চিচিবৰগাঁও কণিষ্ঠ মহাবিদ্যালয়, চিচিবৰগাঁও মহাবিদ্যালয় আৰু চিচিবৰগাঁও বিজ্ঞান মহাবিদ্যালয়ত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ছাত্ৰ-ছাত্ৰী সকলে সমাজৰ বাবে প্ৰকৃত মানৱ সম্পদ সৃষ্টিকৰ্তা শিক্ষাগুৰুসকলক শ্ৰদ্ধা জনোৱাৰ লক্ষ্যৰে আজিৰ দিনটোত শিক্ষক দিৱস অনুষ্ঠিত কৰি শিক্ষাগুৰু সকলৰ চৰণত সেৱা ও শ্ৰদ্ধা জনায়।

ইফালে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ অধীনৰ চিচিবৰগাঁও আঞ্চলিক সমিতিয়ে অঞ্চলস্থ শংকৰদেৱ শিশু নিকেতন আৰু চিচিবৰগাঁও মহাবিদ্যালয়ত উপস্থিত হৈ শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে দিৱসৰ লগত সংগতি ৰাখি ‘সেউজ অসম সেউজ ধৰণী’ এই বাৰ্তা বিলোৱাৰ উদ্দেশ্যেৰে একোটাকৈ গছপুলি প্ৰদানেৰে বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে। চিচিবৰগাঁও আঞ্চলিক সমিতিৰ উপদেষ্টা দিপাংকৰ শইকীয়া, ভাৰপ্ৰাপ্ত সভাপতি যজ্ঞ ফুকন, সাধাৰণ সম্পাদক সঞ্জীৱ গগৈ, উপ সভাপতি ক্ষীৰোদ শইকীয়াৰ নেতৃত্বত যোৱা দলটোৰ সৈতে বিশেষভাৱে উপস্থিত থাকি যুৱ ছাত্ৰ পৰিষদৰ জিলা সমিতিৰ সাংগঠনিক সম্পাদক তপন শইকীয়াই সাংবাদিকৰ আগত কয় যে, বৰ্তমান পৃথিৱীৰ প্ৰতিখন দেশতে বিশেষ অগ্ৰাধিকাৰ লাভ কৰা বন সংৰক্ষণ আৰু বৃক্ষৰোপণৰ গুৰুত্ব অনুধাৱন কৰাটো সকলোৰে বাবে আশাপ্ৰদ। বিশ্বজুৰি আজি মানুহে বৃক্ষৰোপণৰ প্ৰতি সচেতন হৈছে।

প্ৰাকৃতিক পৰিৱেশৰ সমতা ৰক্ষা কৰিবলৈ দেশৰ মুঠ ভূখণ্ডৰ অন্ততঃ ৩০ ভাগ বনভূমি থাকিব লাগে। ভাৰতৰ বননীতি অনুসৰি দেশখনৰ সমতলত ৩৩ ভাগ আৰু পাৰ্বত্য অঞ্চলত ৬৩ ভাগ বনভূমি থকা আৱশ্যক। অৱশ্যে, সুখৰ কথা এয়ে যে দেশৰ তুলনাত অসমত বনভূমিৰ পৰিমাণ এতিয়াও বেছি। সুন্দৰৰ মনোৰম সৃষ্টিত সকলোটি প্ৰাণী, তৰু-তৃণ আদি প্ৰত্যেকেই সৌন্দৰ্যৰ প্ৰতিমূৰ্তি।

এইটো ঠিক যে পৰিৱেশৰ সজাগতাৰ সন্দৰ্ভত চৰকাৰৰ লগতে প্ৰত্যেকজন নাগৰিকৰে সহযোগিতাৰ উপৰি আমি বিশেষ ভূমিকা অৱলম্বন কৰিব লাগিব। নিজে আগবাঢ়ি নহা পৰ্যন্ত বন বিভাগৰ এমুঠিমান বিষয়া-কৰ্মচাৰীয়ে বনাঞ্চলৰ সংৰক্ষণ আৰু সংবৰ্ধন কৰিব নোৱাৰে। উল্লেখ্য যে, পৰিৱেশ সজাগতাৰ বাবে যুৱ ছাত্ৰ পৰিষদে ৰূপায়ণ কৰা কাৰ্যসূচীক শলাগ লোৱাৰ লগতে নৱপ্ৰজন্মৰ বাবে ই এক প্ৰেৰণা হৈ ৰ’ব বুলি মন্তব্য কৰিছে অঞ্চলবাসীয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close