অসম

সাংবাদিক গৌৰী লংকেচৰ হত্যাক তীব্ৰ গৰিহনা আইৰা’ৰ

প্ৰথম খবৰ, চাংসাৰি: অসমত যোৱা কিছুদিনত ধাৰাবাহিক ভাৱে সাংবাদিকক আক্ৰমণৰ সন্দৰ্ভত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান মুকেশ সাহাৰ সৈতে বাৰ্তালাপ কৰাৰ পিছতো আজিলৈকে তাৰ কোনো সমাধান হোৱা পৰিলক্ষিত নহ’ল। বিজেপি মিত্ৰজোটৰ দ্বাৰা শাসিত অসম চৰকাৰেও এইক্ষেত্ৰত মৌনতা অবলম্বন কৰি থকা দেখা পোৱা গ’ল।

অসম বুলিয়েই নহয় এনেদৰে সাংবাদিকক সমগ্ৰ দেশতে এন ডি এ চৰকাৰৰ শাসনত তিৰস্কৃত আৰু শোষিত কৰাৰ প্ৰয়াস দেখা পোৱা গৈছে। যোৱাকালি সাংবাদিকৰ ওপৰত কৰা কাৰ্য্যৰ সকলো সীমা চেৰাই এই চৰকাৰৰ শাসনত বাংগালোৰৰ ৫৫ বছৰীয়া এগৰাকী জ্যেষ্ঠ সাংবাদিক আৰু বলিষ্ঠ কন্ঠৰ অধিকাৰীণী গৌৰী লংকেচক জঘন্যভাৱে হত্যা কৰি নিৰ্ভীকতা ও সত্যতাৰ কণ্ঠৰোধৰ চেষ্টা কৰা হ’ল। তেখেতৰ ঘৰৰ সন্মুখতে দুষ্কৃতিকাৰীয়ে সাংবাদিক গৰাকীক গুলীয়াই হত্যা কৰি পেলালে।

গৌৰী লংকেচৰ অপৰাধ এটাই আছিল যে তেওঁ দুৰ্নীতিৰ বিৰুদ্ধে আপোচহীনভাৱে মাত মাতিবলৈ সাহস কৰিছিল আৰু ইয়াৰ বিপৰীতে নিৰবিচ্চিন্ন ভাৱে লিখি গৈছিল তেখেতে সম্পাদনা কৰা এখন সাপ্তাহিক কাকতত। যোৱা কিছুদিনৰ পৰা তেখেতে বিজেপি আৰু আৰ এছ এছৰ বিৰুদ্ধেও সমালোচনাত্মক শব্দৰে যথেষ্ট কঠোৰ ভাৱে লিখি আহিছিল আৰু যাৰবাবে গৌৰী লংকেচৰ হত্যাত দুৰ্নীতিগ্ৰস্ত ব্যক্তিৰ লগতে চৰকাৰ আৰু আৰ এছ এছে প্ৰতিবাদী কন্ঠক ৰোধৰ এক প্ৰয়াস কৰা বুলিও সন্দেহ প্ৰকাশ কৰিছে অধিকাংশ দেশবাসীৰ লগতে সমগ্ৰ সংবাদমহলে।

ইয়াৰ লগতে জ্যেষ্ঠ ও নিৰ্ভীক সাংবাদিক গৌৰী লংকেচৰ হত্যাক তীব্ৰ ভাষাৰে সমালোচনা কৰি দেশৰ সমূহ সংবাদকৰ্মীৰ লগতে সাংবাদিকৰ হিতৰ কাৰণে সংগ্ৰাম কৰি অহা দেশৰ আটাইতকৈ ডাঙৰ সংবাদকৰ্মীৰ সংগঠন আইৰা’ৰ ৰাষ্ট্ৰীয় সমিতিয়ে যথেষ্ট শোঁক প্ৰকাশ কৰিছে। আইৰা’ৰ ৰাষ্ট্ৰীয় অধ্যক্ষ ডঃ এ এম বি তাৰিক জাকিয়ে বিশিষ্ট সাংবাদিক গৰাকীৰ হত্যাত গভীৰ শোঁক প্ৰকাশ কৰি অতিশীঘ্ৰে ইয়াৰ উচিত তদন্ত কৰি হত্যাকাৰীক কঠোৰতম শাস্তি প্ৰদানৰ দাবীত দিল্লীস্হিত মানব অধিকাৰ আয়োগৰ মূখ্য কাৰ্যালয়ত আইৰা’ৰ তৰফৰ পৰা এটি গোচৰ ৰুজু কৰিছে।

আইৰা’ৰ অসম ৰাজ্যিক সমিতিৰ তৰফৰ পৰাও সভাপতি কিৰণ কুমাৰ গগৈ, সাধাৰণ সম্পাদক পঙ্কজ নাথ, সম্পাদক প্ৰমোদ মল সমন্বিতে অন্য বিষয়ববীয়া সকলেও দুৰ্নীতিৰ সৈতে আপোচ নকৰা নিৰপেক্ষ, নিৰ্ভীক সাংবাদিক গৰাকীৰ জঘন্য হত্যাক তীব্ৰ ভাষাৰে গৰিহনা প্ৰদান কৰি ইয়াৰ তীব্ৰ বিৰোধ কৰিছে । সাংবাদিক গৌৰী লংকেচক হত্যা কৰি যি এটি প্ৰতিবাদী কন্ঠ ৰোধ কৰিব বিচৰা হৈছে তেনেকৈ কোনেও প্ৰতিবাদ দমন কৰিব নোৱাৰে বুলি আইৰা’ৰ অসম ৰাজ্যিক সভাপতি কিৰণ কুমাৰ গগৈয়ে ব্যক্ত কৰি এগৰাকী গৌৰী লংকেচক হত্যা কৰিলে হাজাৰ হাজাৰ গৌৰী লংকেচৰ দৰে সাংবাদিকৰ জন্ম হ’ব আৰু যিয়ে অন্যায়, অত্যাচাৰ, দুৰ্নীতি, ভষ্ট্ৰাচাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰি লিখি থাকিব বুলি সাংবাদিকৰ আগত নিজৰ মনৰ ভাব প্ৰকাশ কৰে ৰাজ্যিক সভাপতি গৰাকীয়ে।

Related Articles

Leave a Reply

Close