অসম

সুধাকণ্ঠ ভুপেন হাজৰিকাৰ ৯২ সংখ্যক ওপজা দিন: পতকা উত্তোলনত বিশৃংখল

প্ৰথম খবৰ, কৰিমগঞ্জ: অসম সাহিত্য সভাই বৰাক ব্ৰক্ষ্মপুত্ৰ উপত্যকাৰ ৰাইজৰ মাজত সমন্বয় গঢ়াৰ বাবে কৰিগঞ্জৰ জিলা পুঠিভঁড়ালত আজি সুধাকণ্ঠ ভুপেন হাজৰিকাৰ ৯২ সংখ্যক ওপজা দিন পালন কৰে। অসম সাহিত্য সভাৰ এশখন পতাকা উত্তোলন,  স্মৃতি তৰ্পণৰ পাছত কৰিমগঞ্জ জিলা উপায়ুক্ত প্ৰদীপ তালুকদাৰে সুধাকণ্ঠ ভুপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্য প্ৰদান কৰে।

ইয়াৰ পাছত অসম সাহিত্য সভাৰ শৰ্তবষীয় অনুষ্ঠান আৰু ভূপেন হাজৰিকা শীৰ্ষক আলোচনা সভাত বৰাক আৰু ব্ৰহ্মপুত্ৰ বহু কেইজন বক্তাই। কিন্তু অনুষ্ঠানত বহুকেইটা ক্ষেত্ৰত বিশৃংখলতা দেখা গ’ল। অসম সাহিত্য সভাৰ এশখন পতাকা উত্তোলন কৰা কাৰ্যসূচী বিশৃংখল ৰূপত দেখা গ’ল। পতাকা এশখনৰ বহুকেইখন উত্তোলন নহ’ল, বহুকেইখন অধনিৰ্মিত হৈ থকা দেখা গ’ল। তদুপৰি এশখন পতাকা পতাকা ৰাষ্ট্ৰীয় পতাকা ৰং কাপোৰৰে মেৰিয়াই থোৱা দেখা গ’ল। এনেদৰে বিভিন্ন বিশৃংখলতাৰ মাজৰে অনুষ্ঠিত কৰে কাৰ্যসূচী।

Related Articles

Leave a Reply

Close