অসম

সোণতলীত ধন দাবী কৰি ৰাইজৰ ৰোষত ভুৱা সাংবাদিক

প্ৰথম খবৰ, বকোঃ কামৰূপ জিলা বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত সোণতলীত আজি বাতৰি পৰিৱেশনৰ নামত বৃহৎ পৰিমাণৰ ধন দাবী কৰি ৰাইজৰ ৰোষত পৰে এজন ভূৱা সাংবাদিকৰ লগতে এখন ব্যক্তিগত টিভি চেনেলৰ আন এজন সাংবাদিক।

জানিব পৰা মতে, প্ৰাগ নিউজৰ ছয়গাঁও সমষ্টিৰ গৰৈমাৰীৰ সংবাদদাতা আব্দুৰ ৰহিম আৰু আচাম টকচ্ নামৰ টিভি চেনেলৰ সাংবাদিক বুলি পৰিচয় দিয়া আনোৱাৰ হুছেইন নামৰ এগৰাকী অশিক্ষিত যুৱকে ইতিপুৰ্বে গৰৈমাৰী অঞ্চলত বিভিন্নজনৰ পৰা ধন দাবী কৰি বৃহত্তৰ অঞ্চলটোত এক ত্ৰাসৰ সৃষ্টি কৰি আহিছে বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে৷

উল্লেখ্য যে, সাংবাদিকতাৰ নাম লৈ সদায় ব্লেকমেইলিঙত জড়িত হৈ থকা আব্দুৰ ৰহিম আৰু আনোৱাৰ হুছেইনক গৰৈমাৰী বজাৰৰ মাজ মজিয়াত স্থানীয় ৰাইজে ৰাজহুৱাভাৱে প্ৰহাৰ কৰাৰ লগতে গৰৈমাৰী আৰক্ষী চকীত এজাহাৰো দাখিল কৰিছিল ৷ শেহতীয়াকৈ আজি সাংবাদিক নামধাৰী যুৱক দুজনে বকোৰ পুৰাণ গাঁৱত বাতৰি সংগ্ৰহ কৰিবলৈ গৈ জনৰোষত পৰা ঘটনাই সমগ্ৰ সাংবাদিক সমাজক লজ্জানত কৰিছে ৷

প্ৰাপ্ত তথ্যমতে, সোণতলী আৰক্ষী চকীৰ অধীনস্থ পুৰাণ গাঁৱৰ এগৰাকী কিশোৰী অপহৰণৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈ সাংবাদিক দুগৰাকীয়ে বুজন পৰিমানৰ ধন দাবী কৰে ৷ পিছলৈ স্থানীয় ৰাইজে সাংবাদিক দুজনে প্ৰকৃত সাংবাদিক হয় নেকি বুলি প্ৰশ্ন কৰাত আনোৱাৰ হুছেইন নামৰ লম্পট যুৱক জনে কাৰ্ড ঘৰত থৈ যোৱা বুলি কয় ৷ স্থানীয় ৰাইজে দুয়োগৰাকী যুৱকক অপদস্থ কৰাত ৰাজহুৱাভাৱে দুয়োগৰাকী যুৱকে ক্ষমা খুজি ঘটনাস্থলীৰ পৰা ওলাই আহে ৷ সাংবাদিকৰ নামত লম্পট যুৱকৰ ধন দাবী কৰা কাৰ্যক সচেতন মহলে তীব্ৰ গৰিহনা দিছে।

Related Articles

Leave a Reply

Close