অসমশীৰ্ষ

সোণাৰিৰ ভজোত পথ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত যাত্ৰীবাহী বাছ

সোণাৰিৰ পৰা মিতুপৰ্ণ গগৈ, প্ৰথম খবৰ: সোণাৰিত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই ভজো দলঙৰ পৰা দ’ খাৱৈত সোমাল যাত্ৰী বাহী বাছ।

উল্লেখ্য যে বাছখনে ডিপ্লিঙৰ পৰা আইদেউবাৰী বাগিছালৈ কঢ়িয়াই নিছিল শ্ৰমিক। নিতৌ বাছখনে এইদৰে ডিপ্লিঙৰ পৰা আইদেউবাৰী চাহ বাগিচালৈ শ্ৰমিক কঢ়িয়াই অনা নিয়া কৰি থকাৰ সময়তে আজি পুৱাই ব্ৰেক ফেইল হৈ যাত্ৰীবাহী বাছখন ভজো দলঙৰ সমীপত এটা দ’ খাৱৈত সোমাই পৰে।

প্ৰায় ৪০গৰাকী শ্ৰমিক থকা বাছ বাছখন দুৰ্ঘটনাত পতিত হয় যদিও সৌভাগ্য ক্ৰমে ৰক্ষা পৰে সকলো যাত্ৰী। উল্লেখ্য যে, বাছৰ চালকে আজি কেইবাদিনো গাড়ীখন মেৰামতি নকৰাকৈয়ে এইদৰে শ্ৰমিক সকলক অনা নিয়া কৰি আছিল বুলি শ্ৰমিক সকলে অভিযোগ উত্থাপিত কৰিছে।

Related Articles

Leave a Reply

Close