অসম

সৰভোগত শিল্পীসৈনিক ব্ৰজনাথ শৰ্মাৰ মৃত্যু বাৰ্ষিক পালন

প্ৰথম খবৰ, সৰভোগঃ আজি সৈনিক শিল্পী ব্ৰজনাথ শৰ্মাৰ মৃত্যু তিথি, বিগত বৰ্ষবোৰৰ দৰে এইবেলিওঁ অসম নাট্য সন্মিলনৰ বৰনগৰ শাখাৰ আৰু ক্লাৱ নিভিয়াৰ সহযোগত সৰভোগত পালন কৰা হয় মৃত্যু তিথি।
আজি ৰাতিপুৱা প্ৰথম কাৰ্যসূচী হিচাপে অসম নাট্য সন্মিলনৰ পতাকা উত্তোলন কৰে বৰনগৰ শাখাৰ সভাপতি দ্বিগবিজয়ী নাথে। তাৰ পিছত সৰভোগৰ মাজমজিয়াত অৱস্থিত ক্লাৱ নিভিয়াৰ দ্বাৰা নিৰ্মাণ কৰা শিল্পীজনৰ আৱক্ষ মুৰ্তিত মাৰ্ল্যপন কৰে বৰনগৰ সংগীত বিদ্যালয়ৰ অধ্যক্ষ ৰূদ্ৰ কান্ত দাসে।

এই কাৰ্যসূচীত উপস্থিত থাকে অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্য্যৱাহী সভাপতি গিৰিধৰ ৰয় লগতে বৰনগৰ নাট্য সন্মিলনৰ আৰু ক্লাৱ নিভিয়াৰ সম্পাদক সভাপতি সহ সমুহ সদস্যবৃন্দ উপস্থিত থাকে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close