Home / অসম / সৰ্থেবাৰীত কৃষক মুক্তিৰ পথ অৱৰোধ

সৰ্থেবাৰীত কৃষক মুক্তিৰ পথ অৱৰোধ

প্ৰথম খবৰ, সৰ্থেবাৰী: কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়াৰ দাবীত আজি সৰ্থেবাৰীত কৃষক মুক্তিৰ উদ্যোগত পথ অৱৰোধ কাৰ্যসুচী ৰূপায়ণ কৰা হয়। সৰ্থেবাৰীৰ বেলবাৰীত কৃষক নেতা দণ্ডিনাথ বৰ্মনৰ নেতৃত্বত এই পথ অৱৰোধ কাৰ্যসুচী ৰূপায়ণ কৰা হয়।

কৃষক মুক্তিৰ কৰ্মীসকলে পথ অৱৰোধ কৰি বিভিন্ন শ্লোগান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে আৰক্ষীৰ লগত হতাহতিত লিপ্ত হয়। পিছত আৰক্ষীয়ে প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰি থানালৈ লৈ যায়।

Leave a Reply

Your email address will not be published. Required fields are marked *

*