অসম

হাৱাজানত ডাইনী কাণ্ড, গহপুৰ প্ৰশাসনৰ উদ্যোগত আলিগুৰি পিচলাত অন্ধবিশ্বাস প্ৰতিৰোধ সম্পৰ্কে সজাগতা সভা

প্ৰথম খবৰ, ধলপুৰ: বিশ্বনাথ জিলাৰ হাৱাজান আৰক্ষী চকীৰ অন্তৰ্গত আলিগুৰি পিচলাত সংঘটিত ডাইনী কাণ্ডৰ অপপ্ৰচাৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে গহপুৰ মহকুমা প্ৰশাসনে আজি অন্ধবিশ্বাস প্ৰতিৰোধ সম্পৰ্কত এখনি সজাগতা সভা অনুষ্ঠিত কৰে৷ গহপুৰ মহকুমা প্ৰশাসনৰ উদ্যোগত টি এম পি কে আৰু এম এম কেৰ সহযোগত কাব্বি গাম উচ্চ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত গহপুৰ মহকুমাৰ মহকুমাধিপতি ড° ইন্দ্ৰানসী দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখনি উদ্বোধন কৰে এম এম কেৰ কেন্দ্ৰীয় সমিতিৰ সদস্য মনজিৎ পাটগিৰিয়ে।

টি এম পি কে গহপুৰ জিলা সমিতিৰ সম্পাদক ভৰত দলে আঁত ধৰা সজাগতা সভাখনত মানৱ অধিকাৰ কৰ্মী দিব্যজ্যোতি শইকীয়া,বিহপুৰীয়া মহাবিদ্যালয়ৰ অবসৰ প্ৰাপ্ত অধ্যাপক ড° মিনেশ্বৰ দলে,গহপুৰ মহকুমাৰ ন্যায়িক দণ্ডাধীশ ৰঞ্জন ব্ৰহ্ম,গহপুৰ ছয়দুৱাৰ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক ৰঞ্জিৎ কামান, দণ্ডাধীশ এন ডি ভট্ৰাচাৰ্য,গহপুৰ প্ৰাথমিক শিক্ষা খণ্ডৰ শিক্ষা বিষয়া ধিৰাজ টাইড,অধিবক্তা চন্দ্ৰকান্ত বৰুৱা, মলয়া দলে, শিক্ষক দুলাল পেগু আদিকৰি টি এম পি কে আৰু এম এম কেৰ মুখ্য বিষয় ববিয়া উপস্থিত থাকে ৷ মানৱ অধীকাৰ কৰ্মী দিব্যজ্যোতি শইকীয়াই ভাষনত ডাইনী থকা বা ডাইনী পোহা কাৰ্য সম্পূৰ্ণ অন্ধবিশ্বাস এই কথা বিভিন্ন যুক্তিৰে বিশ্লেষণ কৰি কয়। লগতে চৰকাৰক অন্ধবিশ্বাস প্ৰতিৰোধ আইন বলবত কৰিবলৈকো আহ্বান জনাই৷

ইপিনে সভাখনত সমল ব্যক্তি হিছাপে অংশগ্ৰহন কৰি অবসৰ প্ৰাপ্ত অধ্যাপক ড° মিনেশ্বৰ দলে ডাইনিক কেন্দ্ৰ কৰি বিভিন্ন স্থানত সংগঠিত হৈ থকা কু কাৰ্য বৰ্তমান বিজ্ঞানৰ যুগত এক বিৰম্বনা বুলি উল্লেখ কৰি এই সমাজ বিৰোধী কাৰ্য কলাপৰ পৰা আঁতৰি আহিবলৈ সকলোকে আহ্বান জনাই ৷

উল্লেখ্য যে, হাৱাজান আৰক্ষী চকীৰ অন্তৰ্গত আলিগুৰি পিচলা নিবাসী তথা উদুৰাম মেধি প্ৰাথমিক বিদ্যালয় ( অপ্ৰাদেশিকৃত)ৰ প্ৰধান শিক্ষক যাদৱ চৰকাৰক ডাইনী পোহাৰ সন্দৰ্ভত শিক্ষক জনৰ লগতে পৰিয়ালৰ লোকক আক্ৰমন কৰাৰ লগতে ঘৰ দুৱাৰ ভাঙি আচবাব ধ্বংস কৰিছিল একাংশ লোকে। যোৱা ২৫ আগষ্টত সংগঠিত এই ঘটনাৰ পিচৰে পৰা অঞ্চলটোত এক চেপা উত্তেজনাই বিৰাজ কৰিছিল৷ আজি অনুষ্ঠিত সজাগতা সভাখনে একাংশ ৰাইজৰ মাজত উদয় হৈ থকা অন্ধবিশ্বাস দূৰ হোৱাত ফলপ্ৰসু হয়নে নহয় সেয়া সময়তহে লক্ষণীয় হ’ব ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close