অসম

হা-ডু-ডু খেলত বৰ আগদিয়া নৱজাগৰণ চেম্পিয়ন

প্ৰথম খবৰ, চেঙা: বৰপেটা জিলাৰ বৰ আগদিয়াত আজি হা-ডু-ডু খেল প্ৰতিযোগিতাৰ ফাইনেল খেলখন অনুষ্ঠিত হয়। বৰ আগদিয়া আঞ্চলিক বজাৰ সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা হা-ডু-ডু খেলৰ ফাইনেল খেলখনত জনিয়া নৱজ্যোতি ক্লাব আৰু বৰ আগদিয়া নৱজাগৰণ ক্লাবৰ মাজত অনুষ্ঠিত হয়।

ফাইনেল খেলখন উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী তথা অগপৰ বৰপেটা জিলা সমিতিৰ উপ সভাপতি ৰবিউল হুছেইনে। খেলখনত বৰ আগদিয়া নৱজাগৰণ ক্লাবে ৪-০ছেটত জনিয়া নৱজ্যোতি ক্লাবক পৰাস্ত কৰি চেম্পিয়ন হয়।

প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ দহ হাজাৰ এটকা আৰু দ্বিতীয় পুৰস্কাৰ ছয় হাজাৰ এটকা আছিল বুলি খেল পৰিচালনা সমিতিৰ সভাপতি জালাল উদ্দিনে জানিবলৈ দিয়ে। ফাইনেল খেলখনত আমন্ত্ৰিত অতিথি হিচাপে নগাঁও ৰাস সমিতিৰ সম্পাদক মানৱ ডেকাই উপস্থিত থাকে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close