অসম

হিমন্তৰ সমষ্টিত কৃষকক ৰামটাঙোন কৃষিবিভাগৰ

প্ৰথম খবৰ, চংসাৰি: পৰিৱৰ্তনৰ ঢাক-ঢোল বজাই দিছপুৰত শাসনৰ গাডী দখল কৰা বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে যেন এতিয়া মাধমাৰ সোধাব লৈছে ৰাজ্যৰ সাধাৰণ জনতাক। অন্যটো দূৰৈৰ কথা দৰিদ্ৰ কৃষকৰ পেটৰ ভাতমুঠিৰ লগতো এতিয়া ৰাজনীতি কৰিবলৈ এৰা নাই এইখন চৰকাৰৰ কৃষি বিভাগে। বিগত কংগ্ৰেছ চৰকাৰে যোগান ধৰাৰ সদৃশ এইবাৰ বিজেপি চৰকাৰেও দৰিদ্ৰ কৃষকক যোগান ধৰিছিল ধানৰ বীজ। চলিত বৰ্ষৰ এপ্ৰিল মাহত চৰকাৰৰ পৰা এই বীজ পোৱাৰ পাছতে জালুকবাৰীৰ সমষ্টিৰ অন্তৰ্গত চাংসাৰিৰ নিকটৱৰ্তী আঠিয়াবৈ আদি অঞ্চলৰ দৰিদ্ৰ খেতিয়কসকলে বহু আশাৰে এই বীজ সিঁ‌চিছিল। কিন্তু সেয়াও যেন ঘোৰ অপৰাধ হ’ল নিজৰ মাটিডৰাত খেতি কৰি দুবেলা দুমুঠি খোৱা এইসকল দৰিদ্ৰ কৃষকৰ বাবে। যাৰ বাবেই কৃষি বিভাগৰ এই কাণ্ডত এতিয়া মূৰে কপালে হাত দিব লগা হৈছে অঞ্চলটোৰ দুৰ্ভগীয়া কৃষকসলে। কিয়নো চৰকাৰে প্ৰদান কৰা এই ধানৰ বীজেৰে খেতি কৰি আঠিয়াবৈৰ গজেন কলিতা, অশ্চিনী কলিতা, ধৰ্মেশ্বৰ কলিতা, ধীৰেণ কলিতা, প্ৰফুল্ল কলিতা, ৰাজেন কলিতা, যতীন দাস, মদন কলিতা, হলধৰ দাস, কুশল কলিতা, বিপুল কলিতাকে ধৰি বহুকেইজন দৰিদ্ৰ কৃষকৰ পথাৰত এতিয়া ধানৰ সলনি মাথো পতানহে ভৰি পৰিছে।

যি সময়ত অন্য কৃষকসকলৰ ধাননি পথাৰ সোণোৱালী হৈ পৰিছে সেই সময়ত চৰকাৰৰ দ্বাৰা প্ৰদানিত বীজেৰে খেতি কৰি ক্ষতিগ্ৰস্ত হোৱা এই কৃষকসকলে এতিয়া বছৰটো কেনেকৈ পৰিয়ালক পোহপাল দিব তাক লৈ শংকিত হৈ পৰিছে। ইয়াৰে দুই তিনিজন কৃষকে আধিয়া মাটি লৈও ধানৰ খেতি কৰিছিল আৰু যাৰবাবে তেওঁলোকে মাটিৰ গৰাকীৰ সৈতে এই সংক্ৰান্তত কিছু পৰিমাণে সম্পৰ্ক বিনষ্ট হোৱাৰো শংকা প্ৰকাশ কৰিছে। আঠিয়াবৈ অঞ্চলটোৰ নেতৃত্বত থকা গ্ৰামসেৱকজনৰ লগতে কৃষি বিভাগৰ চাংসাৰিস্থিত কাৰ্যালয়ক বাৰাম্বাৰ এই বিষয়ে অৱগত কৰোৱাৰ পাছতো এই পৰ্যন্ত কোনো বিষয়া কৰ্মচাৰীয়ে এই কৃষকসকলৰ পথাৰত উপস্থিত হৈ তেওলোকৰ দুখ দুৰ্দশাৰ বিষয়ে জানিবলৈ আগ্ৰহ প্ৰকাশ কৰা পৰিলক্ষিত হোৱা নাই। দিনৰ দিনটো কাৰ্যালয়ত ফেনৰ বতাহ খাই বহি থকা চাংসাৰিস্থিত এই কাৰ্যালয়টোৰ গ্ৰামসেৱক তথা কৃষি সম্প্ৰসাৰণ বিষয়াই গোটেই দিনটো চোকা ৰ’দত কঠিয়া পাৰি ভূই ৰোৱা এই কৃষকসকলৰ কষ্ট কি বুজি পাব বুলি কটাক্ষ কৰিছে ভুক্তভোগী কৃষকসকলে। ইমানবোৰ ঘটনা হৈ থকাৰ পিছতো তেওঁলোকৰ বিধায়ক হিমন্ত বিশ্ব শৰ্মাই এইবিলাকৰ ওপৰত গুৰুত্ব প্ৰদান নকৰাত দুখ প্ৰকাশ কৰিছে দৰিদ্ৰ কৃষকসকলে।

ইয়াৰ উপৰিও অসম চৰকাৰৰ কৃষি বিভাগে কৃষকসকলক এনেদৰে কৰা প্ৰৰোচনাত জাঙোৰ খাই উঠিছে অঞ্চলটোৰ কেইবাটাও দল-সংগঠনে ।সেয়েহে এই কৃষকসকলৰ পৰিস্থিতিৰ বুজ ল’বলৈ কৃষি বিভাগৰ উচ্চ পদস্থ বিষয়াক তেওঁলোকৰ ওচৰত উপস্থিত হব’লৈ আহ্বান জনোৱাৰ লগতে অসম চৰকাৰক কৃষক সকলক ক্ষতিপূৰণ দিবলৈ দাবী জনাইছে অঞ্চলটোৰ বহুকেইটা সংগঠনে । কৃষকৰ লগত কোনো প্ৰৰোচনা ও অন্যায় সহ্য কৰা নহ’ব আৰু অচিৰেই প্ৰয়োজনত কঠোৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে সংগঠনসমূহৰ নেতৃবৰ্গই। ইয়াৰ পাছত কৃষকৰ দুখ দুৰ্দশাৰ ওপৰত লক্ষ্য ৰাখি এতিয়া চৰকাৰ আৰু কৃষি বিভাগৰ উচ্চ পদস্থ বিষয়াৰ গা-লৰিব নে নলৰে সেয়াহে লক্ষ্যণীয় হ’ব অন্যথা যে আগন্তুক পৰিস্থিতি ভয়াৱহ হ’ব সেয়াও একপ্ৰকাৰ নিশ্চিত।

Related Articles

Leave a Reply

Close