অসম

হোজাইত অসম প্ৰাদেশিক যোগী সন্মিলনীৰ ৯৮ তম বাৰ্ষিক অধিৱেশন

 

প্ৰথম খবৰ, হোজাই: ৯৮ তম অসম প্ৰদেশিক যোগী সন্মিলন অহা অক্টোবৰ মাহৰ ২৮ আৰু ২৯ তাৰিখে দুদিনীয়া কার্যসূচীয়ে হোজাইত অনুষ্ঠিত হ’ব। দেওবাৰে হোজাই যোগীজান খণ্ড উন্নয়ন কাৰ্যালয়ৰ সভা গৃহত সভাপতি নিতাই দেৱ নাথৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কাৰ্যবাহী সভাত হোজাই জিলাৰ জিলা পৰ্য্যায় প্ৰতিনিধি সকলৰ লগত জিলাখনৰ মুঠ ৯ টা আঞ্চলিক সমিতিৰ প্ৰতিনিধি সকলৰ উপৰিও ৰাজ্যিক ভিত্তিৰ প্ৰদেশিক যোগী সন্মিলনীৰ সভাপতি ডঃ অৰুণ কুমাৰ বৰা, প্ৰদেশিক যোগী সন্মিলনীৰ সাধাৰণ সম্পাদক ধীৰেন নাথ, নাথ যোগী জাতীয় পৰিষদৰ সভাপতি কিৰ্তি নাথ, প্ৰাদেশিক যোগী সন্মিলনীৰ উপ সভাপতি উদয় চন্দ্ৰ নাথ আৰু নাথ যোগী জনজাতি ও স্বায়ত্ব দাবী পৰিষদৰ সভাপতি ডম্বৰুদ্ধৰ নাথৰ লগতে নাথ যোগী ছাত্ৰ পৰিষদৰ সভাপতি লক্ষণ নাথ’ৰ উপস্থিত থাকে।

উক্ত সভাতে আগন্তুক হোজাইত হ’বলগীয়া ৯৮ তম অসম প্ৰাদেশিক যোগী সন্মিলন খনিৰ প্ৰৰিচালনা বাবে এখন পূৰ্ণাংগ অবৰ্ধনা কমিটি গঠন কৰা হয়। কেইবাটাও আঞ্চলিকৰ পৰা অহা বিষয় ববিয়া সকলৰ পৰা নিৰ্বাচিত হোৱা অবৰ্ধনা সমিতি সঞ্জীৱ দেৱ নাথক সভাপতি আৰু লিটু মণি নাথ’ক সম্পাদক হিচাপে সভাত নিয়োজিত কৰা উপৰিও বিমল নাথ, প্ৰবীৰ নাথ আৰু দীপ্তি নাথ’ক উপ সভাপতি হিচাপে নিয়োজিত কৰা লগতে সুভাষ দেৱ নাথ, শ্ৰুতিৰাজ নাথ আৰু মৃগেন কাকতিক সহ সম্পাদক হিচাপে দায়িত্ব দিয়া হয়।

ইয়াৰ উপৰিও সভাই পূৰ্ণাংগ ভাবে কৰ্ণধাৰ কমিটি এখন গঠন কৰে। কৰ্ণধাৰ কমিটিৰ সদস্য সকল ক্ৰমে নিতাই দেৱ নাথ, আস্তিক নাথ, সঞ্জীৱ নাথ, লিটু মণি নাথ, শ্ৰী মতি অৰ্চনা নাথ, শ্বপন দেৱ নাথ আৰু প্ৰভাত চন্দ্ৰ চৰকাৰ। উক্ত সভাত ৰাজ্যিক পৰ্য্যায় সকলো বিষয়াই আহিব লগা সন্মিলন খনৰ ওপৰত বহু মূল্যবান বক্তৃতা প্ৰদান কৰে। লগতে ২৮ আৰু ২৯ অক্টোবৰত হ’ব লগীয়া সন্মিলন খনিৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে। হোজাই বাসী ৰাইজে অসমৰ প্ৰতিখন জিলা পৰা আহিব লগীয়া পাঁচশ প্ৰতিনিধি লগতে অসমৰ ৪০ লক্ষ্য নাথ যোগীৰ ৫০ হাজাৰোধিক দৰ্শক প্ৰতিনিধি আদৰিবলৈ সাজু হৈছে। উক্ত সন্মিলনীত অসমৰ বহু কেইজন মন্ত্ৰী উপস্থিতিৰ আশংকা কৰা হৈছে।

Related Articles

Leave a Reply

Close