অসম

হোজাই জিলাত দূৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি

প্ৰথম খবৰ, হোজাই:  শাৰদী দূৰ্গোৎসৱৰ ব্যাপক প্ৰস্তুতি চলিছে হোজাই জিলাত। হোজাই জিলাত এইবাৰ সৰ্বমুঠ ৩৫৬ খন ৰাজহুৱা পূজা মণ্ডপৰ প্ৰস্তুতি চলিছে। জিলাখনৰ সদৰ ঠাই হোজাই থানা এলেকাত এইবাৰ ১৩০ খন ৰাজহুৱা পূজাৰ আয়োজন কৰিছে। হোজাই থানাৰ অন্তৰ্গত যোগীজন আৰু নিলবাগান নিৰীক্ষণ চকীৰ অধীনত ক্ৰমে ৩১ আৰু ৮ খন পূজাৰ আয়োজন কৰা হৈছে।

হোজাই জিলাৰ লংকা থানা অঞ্চলত জিলা সদৰ শঙ্কৰদেৱ নগৰকে ধৰি সৰ্বমুঠ ১০৬ খন পূজাৰ আয়োজন কৰা হৈছে। ৰে’লনগৰী লামডিং থানা এলেকাত ৫১ খন, কাকী থানা অঞ্চলত ২৪ খন, ডবকাত ১৮ খন পূজাৰ আয়োজন কৰা হৈছে । অইন বেলিৰ দৰে এই বেলি হোজাই জিলাৰ মোৰাঝাৰ থানা এলেকাৰ চাবাজপুৰ সাৰ্বজনীন পূজা মন্দিৰ, উওৰ বান্দৰ মেলা, দেৱস্থান, চৌধুৰী বজাৰ পূজা মন্দিৰকে ধৰি ১৫ খন পূজা সমিতিয়ে পূজা আয়োজনৰ প্ৰস্তুতি চলোৱা বুলি জনা গৈছে।

যমুনামুখ থানা এলেকাত এইবাৰ ১২ খন পূজাৰ আয়োজন কৰা হৈছে হোজাই জিলাৰ আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা জনা গৈছে। এই তথ্যত ব্যক্তিগত মানসী দুৰ্গাপূজাসমূহক বাদ দিয়া হৈছে। ব্যক্তিগত পূজাসমূহ যোগ কৰিলে জিলাখনত শাৰদীয় দুৰ্গা পূজাৰ সংখ্যা বৃদ্ধি পাব। হোজাই জিলা সদৰ আৰক্ষী নিৱেশ হোজাইৰ তিনিখন পূজাই সকলোকে আকৰ্ষণ কৰিছে।

দেৱী ভাগৱত মতে, বিগত তিনি দশক জুৰি হোজাই আদৰ্শ দুৰ্গা পূজা সমিতিয়ে এইবাৰো ওঠৰ হাতৰ দেৱী প্ৰতিমা নিৰ্মাণ কৰি পূজাৰ আয়োজন কৰিছে। হোজাইৰ নতুন বজাৰৰ মণিপুৰী সম্প্ৰদায়ৰ লোকসকলে স্থায়ী মণ্ডপত দুটা হাতৰ দেৱী ইমা পানথৈবিৰ পূজাৰ আয়োজন কৰিছে। মণিপুৰী সাজ পৰিধান কৰা এই দেৱীৰ বাহন সিংহ নহয়, বাঘহে। এই স্থায়ী মণ্ডপৰ লগতে হোজাইৰ বিদ্যানগৰতো ইমা পানথৈবি দেৱীৰ পূজাৰ আয়োজন কৰিছে। স্থায়ী মণ্ডপত বিগত বছৰৰ দেৱী প্ৰতিমা এইবাৰ সলনি কৰা হ’ব যদিও বিদ্যানগৰৰ পূজাৰ দেৱী প্ৰতিমা দশমী দিনা বিসৰ্জন দিয়া হ’ব। ইফালে হোজাই জিলাত শান্তিপূৰ্ণভাৱে আনন্দৰ মাজেৰে দিনকেইটা উদযাপনৰ বাবে সচেতন মহল আৰু আৰক্ষী প্ৰশাসনে কামনা কৰিছে।⁠⁠⁠⁠

Related Articles

Leave a Reply

Close