অসম

হৰিশিঙা কাণ্ডৰ ন্যায়িক তদন্ত দাবী

প্ৰথম খবৰ, ওদালগুৰি: ওদালগুৰিৰ হৰিশিঙাৰ দাইমন্দ ইংলিছ স্কুলৰ ছাত্ৰাবাসত সংঘতিত এগৰাকী ছাত্ৰৰ মৃত্যুকালীন কেন্দ্ৰ কৰি সম্প্ৰতি ওদালগুৰি জিলাত তীব্ৰ চাঞ্চ্যলকৰ সৃষ্টি হৈছে ।যোৱাবছৰ নৱেম্বৰ মাহত বিদ্যালয় খনৰ ছাত্ৰ চিদান বসুমতাৰীৰ হত্যাৰ অভিযোগত যোৱা এক আগষ্টত এজন ছাত্ৰকে গ্ৰেপ্তাৰ কৰাৰ পিছত সেই ছাত্ৰজনৰ স্বীকাৰোক্তিত আন দুজন ছাত্ৰকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

উল্লেখযোগ্য যে, মৃতছাত্ৰজনৰ পিতৃ বাপন বসুমতাৰীয়ে পুত্ৰৰ মৃত্যুকালীন হত্যাকাণ্ড বুলি দাবী কৰি অহাৰ বিপৰীতে বিদ্যালয় কৰ্তৃপক্ষই আত্মহত্যা বুলি দাবী কৰি আহিছে। উক্ত ঘটনাত জৰিয়তে অভিযোগত তিনিজন ছাত্ৰক গ্ৰেপ্তাৰ কৰাৰ পিছত বিদ্যালয়খনৰ প্ৰধান শিক্ষক প্ৰনিব বসুমতাৰীয়ে আজি এক সংবাদমেল আয়োজন কৰি ঘটনাটোৰ ন্যায়ীক তদন্তৰ দাবী জনাইছে। ঘটনাৰ তদন্তত দন্ত আৰক্ষীৰ সহযোগ নকৰা বুলি তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ প্ৰধান শিক্ষক গৰাকীয়ে অভিযোগ অস্বীকাৰ কৰে।

Related Articles