অসম

১+১=০ ৰ শুভাৰম্ভ

নিউজ ডেস্ক,প্ৰথম খবৰ: কুলেন্দ্ৰ ৰায়চৌধুৰীৰ ৰচনা,পৰিকল্পনা আৰু পৰিচালনাৰে নিৰ্মিত নাটক ১+১=০ ৰ আজি শুভাৰম্ভ কৰা হয়| সৰস্বতী ডাঞ্চ একাডেমী,নাৰেঙ্গীত অনুস্থিত এই শুভাৰম্ভ অনুষ্ঠানটোত নাৰিকল ভাঙি আখৰাৰ শুভাৰম্ভ কৰে সমাজ সেৱক,প্ৰতিবিম্ব কাকতৰ সম্পাদক তফিকউদ্দিন আহমেদে|

অনুস্থানটোত বন্তি প্ৰজ্বলন কৰে সৰস্বতী ডাঞ্চ একাডেমীৰ অধ্যক্ষ অজয় মালাকাৰ,নাট্যকাৰ,বোলছবি,পৰিচালক, অভিনেতা ইন্দ্ৰজিৎ কাকতি আৰু বিশিষ্ট অভিনেতা চাজু আহমেদ| নাটকখনৰ ৰচক তথা পৰিচালক কুলেন্দ্ৰ ৰায়চৌধুৰীয়ে উদ্দেশ্য ব্যক্ত কৰাৰ লগতে উপস্থিত বিশিষ্ট ব্যেক্তি তথা নাটক খনৰ অভিনেতা-অভিনেত্রীসকলে মনৰ ভাৱ ব্যক্ত কৰে| উল্লেক্ষ্য যে,আজিৰ পৰা প্ৰতিদিনে দুটা ভাগত নাটকৰ আখৰা চলিব আৰু পূৰ্ণাংগ ৰূপত অক্টোৱৰৰ ২৫ তাৰিখে সন্ধিয়া ৬ বজাত জিলা পুথিভঁৰাল,গুৱাহাটীত নাটকখন ৰাইজৰ সন্মুখত মঞ্চস্থ কৰা হব|

Related Articles

Leave a Reply

Close