অসমশীৰ্ষ

২৫ হাজাৰ টকীয়া শুৱাকুছিৰ অসমীয়া পাটৰ কাপোৰ পৰিধান দেৱীক

তেজপুৰৰ পৰা অপুৰ্ব বৰা, প্ৰথম খবৰ: শোণিতপুৰ জিলাত ৩৮০ খন দুৰ্গা পূজা সমিতিয়ে দুৰ্গা পূজা অনুষ্ঠিত কৰি সকলো পূজা সমিতিয়ে সুকীয়া সুকীয়া ধৰণৰে প্ৰতিমা সজাই তুলিছে। তেজপুৰৰ ডেকাৰগাঁৱৰ দুৰ্গা পূজা সমিতিয়ে শুৱালকুচিৰ পৰা অসমীয়া পাটৰ সাজ দেৱী দুৰ্গাক পৰিধান কৰি প্ৰতিষ্ঠা কৰিছে।

৬৫ সংখ্যক তেজপুৰ ডেকাৰগাঁও দুৰ্গা পূজা সমিতিয়ে এইবেলি দেৱী দুৰ্গা, সৰস্বতী, লক্ষীয়ে শুৱালকুচিৰ বগা, ৰঙা আৰু নীলা ৰংৰ শুভ্ৰ পাটৰ চাদৰ মেখেলা পৰিহিত কৰোৱাৰ লগতে কাৰ্তিক, গনেশৰ মুৰ্তিত অসমীয়া ধুতি গামোচা পৰিহিত কৰোৱা দেখা গৈছে। অসমীয়া পৰম্পৰা ৰক্ষাৰ বাবে ডেকাৰগাঁও দুৰ্গা পূজা সমিতিৰ পদক্ষেপক বহুতে শলাগ লৈছে।

২৫ হাজাৰ টকা মূল্যৰ পাটৰ কাপোৰ ক্ৰয় কৰি ২১ ফুট উচ্চতাৰ প্ৰতিমা নিৰ্মান কৰি উলিয়াইছে বিহগুৰিৰ খনিকৰ টংকেশ্বৰ কলিতাই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close