অসমশীৰ্ষ

ৰাজ্যত পুনৰ বোৱাৰী হত্যা

প্রথম খবৰ, লামডিং: ৰাজ্যত সঘনে বৃদ্ধি পাব ধৰিছে অপৰাধজনিত ঘটনা ৷ পুন: বোৱাৰীক নিৰ্যাতন তথা হত্যাৰ ঘটনা ৷ এইবাৰ ৰে’লনগৰী লামডিঙত হত্যাৰ বলি হ’ল এগৰাকী বোৱাৰী৷ পূৱ লামডিঙৰ ননকে বস্তিত মাৰপিট কৰি হত্যাৰ বলি হ’ল এগৰাকী বোৱাৰী৷

জানিব পৰা মতে, ২ বছৰ পূৰ্বে চিনুবালা দাসৰ সেই অঞ্চলৰে মাধৱ দাসৰ লগত প্ৰেমবিবাহপাশত আবদ্ধ হৈছিল ৷ ৮ মাহ পূৰ্বে দুয়োৰে সংসাৰত এই কণমানিটো আহিছিল ৷ কিন্তু যোৱাকালি হঠাতে বোৱাৰী গৰাকীৰ মৃত্যুকলৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বোৱাৰী গৰাকীৰ পৰিয়ালবৰ্গৰ অভিযোগ মতে স্বামী পৰিয়ালে বিয়াৰ পিছৰে পৰা অকথ্য নিৰ্যাতন চলাইছিল আৰু যোৱাকালিও বহুত মাৰধৰ কৰি বিহপান কৰোৱাই হত্যা কৰাৰ অভিযোগ আনিছে ৷ লামডিঙ থানাত ২৫৭/১৭ নং এটি গোচৰ ৰুজু হৈছে। যাৰ ফলত লামডিং আৰক্ষীয় সন্দেহৰ ভিক্তিত স্বামী মাধৱ দাস আৰু শাহুৱেক দিপালী দাসক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close