অসম

ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেচবলত প্ৰথম ৰাউণ্ডত অসমে হৰুৱালে হিমাচল প্ৰদেশক

প্ৰথম খবৰ, দুলীয়াজান: ২৫ ছেপ্তেম্বৰ পৰা অন্ধপ্ৰদেশৰ মছলিপট্ৰনমত চলি থকা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ছাব-জুনিয়ৰ শাখাৰ বেচবল প্ৰতিযোগিতাত আজি অসমে হৰুৱালে হিমাচল প্ৰদেশক। অসমক প্ৰতিনিধিত্ব কৰা দুলীয়াজান ক্লাবৰ বেচবল দলটিয়ে প্ৰথম ৰাউণ্ডত উন্নতমানৰ খেল প্ৰৰ্দশন কৰি বিপক্ষক ৯-০ ৰাণত পৰাস্তৰে বিজয় সাব্যস্ত কৰে । লীগ পৰ্যায়ত অনুষ্ঠিত খেলখনত ভাৰতৰ অন্যান্য ৰাজ্যৰ পৰা মুঠ ২৭ টা দলে অংশগ্ৰহণ কৰে। কাইলৈ ঝাৰখণ্ডৰ সৈতে খেলিব অসমৰ দলটিয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close