অসমনিবন্ধ

‘ৰেকিবুদ্দিন আহমেদ সোঁৱৰণী বঁটা’ প্ৰাপ্ত শিল্পী বীৰেন্দ্ৰ কুমাৰ বৰা

জোনমনি জোনাক

গোলাঘাট জিলাৰ দেৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত ৰজাবাহাৰ গাঁওৰ এটি সাংস্কৃতিক পৰিয়ালত জন্ম লোকগীত তথা অনাতাঁৰ শিল্পী বীৰেন্দ্ৰ কুমাৰ বৰাৰ| যিগৰাকী শিল্পীয়ে সংগীত সাধনা আৰু সংগীতৰ ক্ষেত্রখনত আগবঢ়োৱা অৰিহণাৰ স্বীকৃতি স্বৰূপে ২০১৬ চনত দেৰগাঁও কেন্দ্ৰীয় ৰঙালী বিহু উৎযাপন সমিতিয়ে ‘জিকিৰ সম্ৰাট ৰেকিবুদ্দিন আহমেদ সোঁৱৰণী বঁটাৰে সন্মানিত কৰে|

তেখেতৰ পিতৃ মোলাই বৰা ওজা| যিগৰাকী পিতৃ অসমৰ প্ৰখ্যাত ঢোলবাদক মঘাই ওজাৰ গুৰু ৰূপে জনা যায়| তেনে এটি সাংস্কৃতিক পৰিয়ালত জন্মগ্ৰহণ কৰি শৈশৱৰ পৰাই লোক সংগীত চৰ্চা অব্যাহত ৰাখি দেহবিচাৰ গীতৰ এগৰাকী প্ৰসিদ্ধ অনাঁতাৰ শিল্পী হিচাপে তেওঁ স্বীকৃতি লাভ কৰে| ১৯৭৫ চনত প্ৰয়াত চৈয়দ আব্দুল মালিক ৰচিত আৰু প্ৰয়াত বীৰেন ফুকন প্ৰয়োজিত “আজান ফকীৰ” নামৰ জনপ্ৰিয় সংগীতালেখ্যত কণ্ঠদান কৰাৰ লগতে তেওঁ জিকিৰ সম্ৰাট ৰেকিবুদ্দিন আহমেদৰ লগত জিকিৰ পৰিবেশন কৰাৰ সুবিধা লাভ কৰে| তেওঁ ১৯৭৬ চনৰ পৰাই নিয়মিতভাৱে ডিব্ৰুগড় অনাতাঁৰ আৰু দূৰদৰ্শন কেন্দ্ৰৰ যোগেদি সুললিত কণ্ঠেৰে ‘দেহবিচাৰ’ৰ গীত পৰিবেশন কৰি আহিছে| তেওঁৰ লোকসংগীতৰ কেচেট ‘কেশৱৰায়’, ‘যদুমণি’,’নীলকণ্ঠ’,’বলীয়া বসন্ত’ ইত্যাদি| ১৯৮১ চনত কলকাতাৰ সৰ্বভাৰতীয় সাংস্কৃতিক আৰু সংহতি সন্মিলনত তেওঁ জিকিৰ গীত আৰু ১৯৯৮ চনত আকাশবাণীৰ সোণালী জয়ন্তী উৎসৱত গুৱাহাটী ৰবীন্দ্ৰ ভৱনত ‘দেহবিচাৰ গীত’ পৰিবেশন কৰাৰ সুযোগ লাভ কৰে|

বীৰেন্দ্ৰ কুমাৰ বৰাই মঞ্চ,আকাশবাণী আৰু দূৰদৰ্শন এই তিনিওটা মাধ্যমকে ভাল পায়| তেওঁৰ মতে তিনিওটাই এগৰাকী শিল্পীৰ বিচৰণভূমি| প্ৰত্যেকৰে সুকীয়া সুকীয়া অভিজ্ঞতা যদিও এটি সাধাৰণ প্ৰয়োজনীয় দিশ তথা পূৰ্বচৰ্ত্ত হ’ল কঠোৰ অনুশীলন আৰু সাধনা| তেওঁ শিৱ ঠাকুৰৰ পৰিচালিত ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত ‘মমতা’ বোলছবিত প্ৰয়াত ৰেকিবুদ্দিনৰ সৈতে যুটীয়াভাবে জিকিৰ গীত পৰিবেশন কৰিছে| বৰা দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ এজন জ্যেষ্ঠ কৰ্মচাৰী ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল|

বৰ্তমান অসমীয়া সমাজত লোকগীতসমূহৰ মানদণ্ডক লৈ তেওঁ চিন্তিত| সঠিক ৰূপত সাধনা আৰু অনুশীলনৰ অভাৱত,পশ্চিমীয়া যান্ত্রিক সংগীতৰ প্ৰভাৱত পৰি এই গীত সমূহৰ মানদণ্ড কিছু অৱনমিত,অবহেলিত হৈছে বুলি তেওঁ দুখ প্ৰকাশ কৰে| তেওঁৰ মতে মাৰ্গীয় সংগীত সাধনাৰ অভাৱ,বৰগীত,লোকগীতৰ প্ৰতি অনিহা,বাঁহী,বেহেলা,তবলাৰ পৰিবৰ্তে কেচিঅ’ৰ ওপৰত নিৰ্ভৰশীলতা আদিয়ে যি ধাৰাৰ সৃষ্টি কৰিছে সেয়া গ্ৰহণযোগ্য নহয়|

তেঁও সমাজৰ একতা ৰক্ষাত লোকসংগীতৰ অৱদান স্বীকাৰ কৰে| সমূহীয়া জীৱনৰ অসূয়া -অপ্ৰীতি,হিংসা-দ্বেষ আঁতৰ কৰি সংগীতৰ একেডাল ডোলেই সমাজৰ আঁত বান্ধি এক কৰি ৰাখে|

দেহবিচাৰৰ গীতৰ এইগৰাকী প্ৰসিদ্ধ শিল্পীয়ে গীতসমূহ সংৰক্ষন হোৱাটো বিচাৰে,সেয়ে কলাক্ষেত্র লগতে ৰাজ্য চৰকাৰক অৱগত কৰিছে এই বিষয়ত|

লোকগীতৰ শিল্পী বীৰেন্দ্ৰ কুমাৰ বৰাই নবীন শিল্পীসকলক চমু উদ্দেশ্য সাধন কাৰ্য্যৰ বিপৰীতে কঠোৰ অনুশীলন আৰু সাধনাৰে লোকসংগীতৰ ধাৰাটিৰ সফল অনুসন্ধান,পৰিবৰ্ধনৰ প্ৰচেষ্টাত ব্ৰতী হোৱাটো বিচাৰে|

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close