অসম

ৰোহিঙীয়া বিতৰ্ক, কংগ্ৰেছে অসম চুক্তিৰ ৰূপায়ন বিচাৰে

শিমলুগুৰিৰ পৰা নেকিবুল হক, প্ৰথম খবৰ: ম্যানমাৰৰ ৰোহিঙীয়াসকলক লৈ সদনৰ ভিতৰে বাহিৰে প্ৰতিবাদ সাব্যস্ত সমালোচনাৰ সন্মুখীন হোৱা কংগ্ৰেছ বিধায়িনী দলে (চি এল পি) আজি স্পষ্ট কৰি দিছে যে তেওঁলোকে অসম চুক্তি আখৰে আখৰে ৰূপায়ন হোৱাটো বিচাৰে।

ৰোহিঙীয়াসকলৰ প্ৰসংগ উল্লেখ নকৰাকৈ চি এল পিৰ নেতা তথা বিৰোধী দলপতি দেবব্ৰত শইকীয়াই এটা বিবৃতিত জনায়- ‘অসম কংগ্ৰেছ বিধায়িনী দলে অসম চুক্তি আখৰে আখৰে ৰূপায়ন হোৱাটো বিচাৰে। ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছতে কাকোৱেই অসমত নাগৰিকত্ব দিয়া বা ৰখাটো কংগ্ৰেছ দলে নিবিচাৰে, সেয়া হিন্দু, মুছলমান, খ্ৰীষ্টান বা আন যিয়েই নহওক কিয়। এই স্থিতিৰ সৈতে কংগ্ৰেছ বিধায়িনী দলৰ সকলো বিধায়ক সম্পূৰ্ণ একমত।’

Related Articles

Leave a Reply

Close