অসম

বিশ্বনাথ চাৰিআলিত পথ দুৰ্ঘটনা

বিশ্বনাথ চাৰিআলিৰ পৰা ভূচিত্ৰ দাধৰা, প্ৰথম খবৰ: বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ অন্তর্গত সাধাৰুত বাইক আৰোহীক পিছফালৰ পৰা খুন্দিয়ায় এখন গাড়ীয়ে। শোকাৱহ দুৰ্ঘটনাটোত ৰিংকী বিভাৰ নামৰ এগৰাকী যুৱতী নিহত হয়। আহত হয় সুবুল তচা নামৰ বাইক আৰোহীজন। তচা সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত।

দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখনে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে। ৰিংকী বিভাৰক বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে মৃত ঘোষনা কৰে। তেজপুৰৰ পৰা পূজাৰ বজাৰ কৰি ঘুৰি অহাৰ পথত এই দুৰ্ঘটনা সংঘটিত হয়। সম্প্ৰতি বিশ্বনাথ চাৰিআলি আৰক্ষীয়ে দুৰ্ঘটনাটো সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।

 

Related Articles

Leave a Reply

Close