শেহতীয়া
Home / শীৰ্ষ / আৰ্লেং-২

আৰ্লেং-২

আৰ্লেং

(কাৰ্বি আংলঙৰ পটভূমিত)

নিৰ্মালি সন্দিকৈ 

(২)

ভাদমাহ সোমোৱাৰ দিন ধৰি বৰষুণৰ কোব কমি আহিল। দুদিনমান আগতে বনলতাই ঘৰৰ বন্ধা এটা পঠিয়াই কাদমক মাতি পঠিয়াইছে, বোলে গুৰুজনাৰ তিথিতে ভাওনাখন পৰিছে, দুদিন আগতেই যেন ঘৰে-ঘৰুৱাহে এটাইখন উঠি যায়। বন্ধাটোৰ কথা শুনি কাদমৰ খং উঠি গ’ল। গৰুৱে-গাহৰিয়ে-হাঁহে-কুকুৰাই অতখন গৃহস্থী এৰি থৈ তাই এতিয়া ভাওনা চাবলৈ নগৈহে পাৰিছে! ইফালে কাৱেজনীও আজি জগোঁ, কালি জগোঁ অৱস্থা। কাদমে বকি বকি বন্ধাটোক নাৰিকল গছত তুলি পূৰঠ নাৰিকলবোৰ পাৰি পেলাবলৈ দিলে আৰু বাৰান্দাৰ খুঁটাটোত আঁউজি আকাশ-পাতাল ভাবি থাকিল। বনলতাৰ লগত তাই অকল মনৰ মিল নহয়, দুইজনীৰ বন্ধুত্ব যেনিবা লাওটোকোৰাত সোমাই থকা কোনোবা ৰজাৰ সাঁচতীয়া জীৱহে! ভিন্ন শৰীৰ, অভিন্ন আত্মা।

শাহুৱেকে দৰক লাগি থকা দেখি হুনমিলিয়ে ক’লে, “আমৈদেউ কেনেকুৱা জানেই চোন পাই। আপুনি যাম বুলি কৈ পঠিয়াওক। মই ক্লাৰীকে মাতি ল’ম। ৰূকাচেনহঁতৰ ঘৰত আপুনি এবাৰ কৈ দিলে সিহঁতৰো কোনোবা নহয় কোনোবা আহি ওলাব।”

“এৰা দে” কাদমৰ মুখেৰে হুমুনিয়াহ এটি সৰি পৰিল। উভটি যোৱা হুনমিলিৰ ভৰুণ শৰীৰটো দেখি তাই ধৰফৰাই উঠিল। লংকামৰ আধাপোৰা শৰীৰটো গাঁৱৰ ডেকাহঁতে আনি চোতালত থোৱাৰ দিনা তাই মাকৰ ঘৰৰ চ’মাংকান খাই উভটি আহিছিল। তাইৰ গৰ্ভত তেতিয়া তিনিমহীয়া ভ্ৰূণ। কাদমে চিঞৰি চিঞৰি গছৰ পাত সৰোৱাৰ সময়ত তাই নিশ্চুপ হৈ লংকামৰ মুখলৈ চাই আছিল। কিবা যেন অভিমানী অনুভৱে তাইক কান্দিবলৈ দিয়া নাছিল। লংকামে কৈছিল, মোৰ ল’ৰাৰ নামো লং হ’ব লাগিব। হুনমিলিয়ে হাঁহিছিল, ছোৱালী হ’লে একা?

: ডালচেনি! লংকামে হাঁহিত বাগৰি পৰিছিল। কাষৰীয়া ডিমাচা গাঁওখনত এদিন মানুহৰ ভৰপূৰ ভঁৰালবোৰ আৰু আটোমটোকাৰি ঘৰবোৰ দাউদাউকৈ জলি থকাৰ সময়তে হুনমিলিৰ কোলালৈ অকণমান মানুহৰ পোৱালিটো আহিছিল। লংকামে ভবা মতেই তাৰ ল’ৰাৰ নাম হৈছিল লং! চাৰলংকি।

কাদমে মৰাপাটৰ বস্তা এটাত এগালমান নাৰিকল ভৰাই দি বন্ধাটোক ক’লে, “আয়েৰক ক’বিগৈ মই ভাওনাৰ দিনাহে যাম। দিবলৈ আৰু একো নাই। শুকান গাহৰি মঙহ অলপ আছে। সেইবোৰ তাই নেখায়। নিদিওঁ।“ দুৱাৰ চুকত লুকাই আলেখলেখ চাই থকা চাৰলংকিক তাই যেন মনেই কৰা নাই, তেনে ভাবত কাদমে উদাসীন হৈ ক’লে “আৰু ক’বি, মই অকলে নেযাওঁ। নাতিপোৱালিটোও লৈ যাম।“

বন্ধাটো গ’লগৈ। চাৰলংকি ওলাই আহি কাদমৰ বুকুত মূৰ গুজি দিলে। কাদমৰ চকু জলক-তবক লাগিল। সৌ সিদিনাৰ নাঙঠ পোৱালিকণ! আজি তাইৰ বুকুৰ সমান ওখ হৈ গ’ল।

“সাধু ক আইতা!” চাৰলংকিৰ আব্দাৰ শুনি কাদমৰ ভেকাহি মাৰিবলৈ মন গ’ল। কিন্তু নাতিয়েকৰ চকু দুটা দেখি দমি গৈ ক’লে, “গৰৈ মাছটো পুৰি ভাতকিটা খাই লওঁ ব’ল, আবেলি মাৰৰ লগত বজাৰলৈ গৈ নতুন চোলা-পেন এযোৰ কিনি আনিবি। নহ’লে ভাওনাৰ দিনা পিন্ধিবলৈ তোৰ কাপোৰ আছে জানো?”

চাংখনৰ এমূৰে বহি লৈ ভৰি দুটা নচুৱাই সি কাদমৰ লগত যুঁজি থাকিল। “ঐ গামবুৰী! ক’বিনে??”

: কাৰ্বি ৰজাৰ আছিল অদ্ভুত চখ। পোহ মনাবলৈ আনিছিল বনৰ বাঘ পোৱালি। পালি-পহৰীয়া পঠিয়াই বিচৰাই ফুৰিছিল কেঁচুৱা থকা মাক। 

: কিয়? কিয় লাগে কেঁচুৱাৰ মাক?
: হেৰৌ, বাঘ পোৱালিক ৰজাই খুৱাইছিল মানুহৰ গাখীৰ। কোনোবা কেঁচুৱাৰ মুখৰপৰা কাঢ়ি নিয়া গাখীৰেৰে পূৰ্ণ হৈছিল ৰজাৰ অদ্ভুত চখ।

: এদিন ৰজাৰ টেকেলাই আহি ৰংফাৰপীৰ ঘৰ পালেহি। ৰজাৰ টেকেলাই চুব খুজিলে তাইৰ অমৃতময় বুকু। জীৱনৰ ঘানিত পিহ গৈ কাকো ভয় কৰিবলৈ নিশিকা ৰংফাৰপীয়ে কুঠাৰেৰে ফালি পেলালে সিহঁতৰ পৰাধীন শৰীৰ। ৰজাৰ বাঘ পোৱালিৰ বাবে নহয়, মোৰ সন্তানৰ বাবেহে মোৰ বুকুৰ অমৃত। যা কৈ দে গৈ তহঁতৰ বলিয়া ৰজাক। যা যা যা।

: তইও ৰংফাৰপী দেখোন আইতা। তোৰো যে ভয় নাই?

টেম্পুৰপৰা নামি চুচুক-চামাক কৈ বনলতা আইতাৰ পদূলিৰে ভিতৰলৈ সোমাই যাওঁতে ভৰ দুপৰীয়াই হৈ আছিল। আইতাৰ ঘৰত বহুত মানুহৰ মাজতে আছিল বাপু। তাৰ সমনীয়া বনলতা আইতাৰ নাতিটো। অলপ পৰ দুইটাই সেমেনা-সেমেনি কৰি থকাৰ পাছত যেতিয়া আইতাই ক’লে, “যা বাপু লংকিক পুখুৰী পাৰলৈ লৈ যা।“

দুইটাই হাতত ধৰা-ধৰিকৈ পাছ চোতাল পালেগৈ আৰু বাপুৱে বনকৰা মানুহ এটাক অৰ্ডাৰ দিলে, “ঐ ৰে দুৰাচাৰ! হামাক সত্বৰে পুখুৰীত নিয়া যাৱ।“

অকণমান অঁকৰা ধৰণৰ মানুহটোৱে দুইটাকে দুফালে পাচিত বহুৱাই গজং গজংকৈ খোজ দিলে। 

চাৰলংকিয়ে বুজিলে, বনলতা আইতাৰ ঘৰৰ আচল ৰজা আচলতে বাপু!! (আগলৈ)

+++
(আৰ্লেং শব্দৰ অৰ্থ: মানুহ, স্বজাতি, সুহৃদ)

আৰ্লেঙৰ আগৰ খণ্ড 

Leave a Reply

Your email address will not be published. Required fields are marked *

*