শেহতীয়া
Home / শীৰ্ষ / আৰ্লেং (৩)

আৰ্লেং (৩)

আৰ্লেং

(কাৰ্বি আংলঙৰ পটভূমিত)

নিৰ্মালি সন্দিকৈ

(৩)

ভাওনা চাই টোপনি খতি হোৱা মানুহবোৰ বিচনাৰপৰা নুঠোতেই কাদমৰ উচপিচ লাগিল। নাতিটোৰ লালকাল মুখখন চাই তাক জগাই দিবলৈও মন নগ’ল। অথচ তাইৰ চেৰেং চেৰেঙকৈ ঘৰলৈ মনত পৰি থাকিল। হুনমিলিয়ে আটাইবোৰ জাঁজ মাৰিব পাৰিলেও অকলে অকলে ছাগলীকে চাবনে গাহৰিকে চাব। এসময়ত বিচনাত ছটফটাই থাকি আমনি লগাত তাই চোতালখনকে সাৰি থৈ আহিল। গাটোও ধুই ললে আৰু বাহিৰৰ জুহালত অনবৰতে অঙঠা থকা চৌকাটোত লাগনি খৰি কেইডাল ভৰাই দিলে।

বনলতা উঠি আহিল। দুইজনীয়ে চোতালত কিচিৰমিচিৰ কৰি থকা চৰাইকিজনীলৈ এনেয়ে চাই থাকিল। কাদমৰ আগত কথা উলিয়াবলৈ বনলতাৰ আজিকালি ভয় লাগে। পাঁচটা বছৰে কাদমে কেৱল বনলতাৰ আগতে কান্দিছে। বাকী মানুহৰ চকুত কাদম এজনী দুখে বলাব নোৱাৰা মানুহ। অকলে অকলেই সকলো চম্ভালিছে তাই।

: গাহৰিসোপা নথকা হলে আজি থাকোঁৱেই বুইছ! এইজাক বেচিহে তৎ পাম। হুনমিলিও হাজিৰালৈ যায় নহয়!

কাদমৰ কথাত বনলতাই বুজিলে, কাদম আজি যাবগৈ। নাথাকে।

সঁচাকৈয়ে দুপৰীয়াৰ ভাতসাঁজ খায়েই তাই নৰ’ল। বনলতাই চাৰলংকিক কাষ চপাই লেফাফা এটা দিলে।

: একো দিবলৈ নহল পিতাই অ! ইছকুলত নাম লগাই লবি। তেতিয়া কিবাকিবি কিনিবি। তই ডাঙৰ মানুহ হবি নহয়? হব লাগিব।

কাদমে জানিলে, বনলতাই অলপ ভালকৈয়ে দুটকামান দিছে। সখীয়েকৰ হাতত দিলে নোলোৱাৰ ভয়ত নাতিয়েককে পালে। নাৰিকলৰ লাড়ু, শাক-পাত আৰু জাহাজী কলৰ টোপোলা লৈ কাদমে পদূলিত নামিয়েই দেখিলে, কাৱেৰ বুকুতে উম লৈ আছে তিনিটা মূগা-কলা পোৱালি। তাইৰ কলিজাটো আকৌ এবাৰ ধৰফৰাই উঠিল।

নাই বুলিয়েই লৰাটো নোহোৱা হল। লংকামৰ আধাপোৰা মৃতদেহটোৰ কাষত বহি চকুপানী টুকিব নোৱাৰা হুনমিলিৰ আৰ্তনাদত সকলো উধাতু খাই আহিল। সকলোৱে বিচাৰ খোচাৰ চলালে। নাই! চাৰলংকি নাই। কাদমে পথাৰৰ পৰা আহি পাইছিল। মানুহৰ চেপা মাতবোৰে তাইৰ অণ্ঠ কণ্ঠ শুকুৱাই আনিলে। তাই দৰক লাগি হুণমিলিলৈ চাই থাকিল আৰু অপদেৱতাই লম্ভা মানুহৰ দৰে বাৰীৰ পাছফালে দৌৰিব ধৰিলে। পাছচোতালৰ গমাৰি জোপাৰ আঁৰেৰে তাই দেখিলে সেইটো লংকিয়েই হয়! চাৰলংকি! তাইৰ বুকুৰ মাণিক। তাই আগুৱাই গল। সিও ঘৰমুৱা হৈ আহি আছিল। কাদমলৈ চাই সি হাঁহিলে। কাদমে তাক সাৱটি ধৰিলে।

: মোৰ কিয় প’ নাই গামবুৰী? হেম্ফু আৰ্ণামক সুধি আছিলো ইয়াতে বহি বহি। ধ্রুৱৰ নিচিনাকৈ মোকো পয়ে বেয়া পাই নেকি?

কাদমৰ গাটো তিৰতিৰকৈ কঁপি উঠিল। এই এটাই প্ৰশ্ন। যাৰ কোনো উত্তৰ নাই।

+++
(শব্দাৰ্থ: আৰ্লেং- মানুহ, স্বজাতি, সুহৃদ; প’- দেউতা; হেম্ফু আৰ্ণাম- ভগৱান)

 

Leave a Reply

Your email address will not be published. Required fields are marked *

*