শীৰ্ষসাহিত্য

আৰ্লেং-১

আৰ্লেং

(কাৰ্বি আংলঙৰ পটভূমিত)

নিৰ্মালি সন্দিকৈ 

(১)

বতৰে জাগল পাতিছিল। সাতোদিনে নেৰানেপেৰা বৰষুণৰ কোবত কোনো ক’লৈকো ওলাই যাব নোৱাৰা হৈছে। গাহৰিসোপাৰ মাজলৈ কচুপাতৰ বোজাটো দলিয়াই কাদম তিমুংপীয়ে পিৰালিত উঠিল। গাহৰিসোপাৰ নোকনোকনি তল পেলাই তাই ডাঙৰকৈ চিঞৰিলে, “কাৱে…”।

কাৱে ক’ৰবাৰপৰা দৌৰি আহি কাদমৰ গাতে গা লগাই বহিল। কাদমে বৰষুণৰ পানীত ভিজা পেককখন চেপি চেপি ক’লে, বুইছ! বেয়া দিন পৰিল। ক’তো একো পাবলৈ নাই। চাৰছ’হঁতৰ বুঢ়ীজনীয়ে পেলাই দিয়া কলবাকলি সোপাকে লৈ আহিলোঁ। তাকে খাই পেটটো ভৰা।

কাদমে কাৱেৰ মুখৰ আগতে মোনাৰপৰা কল বাকলি এগাল উলিয়াই দিলে। তাই সেইগালকে পৰম তৃপ্তিৰে চোবাবলৈ ধৰিলে। কাদমে কাৱেৰ উফন্দি অহা পেটটো মোহাৰি মোহাৰি আকাশলৈ চাই থাকিল।

একেই!! একেই! চাৰলংকি ওপজা বছৰটোত এনেকৈয়ে বৰষুণ দিছিল। এনেকৈয়ে আন্ধাৰ হৈ পৰা পৃথিৱীৰ বুকুলৈ পোহৰৰ দিপ্তী অহা বন্ধ হৈ গৈছিল। আৰু বৰষুণ নহা দিনবোৰত?? সেই দিনবোৰত গাঁৱে গাঁৱে জুই জ্বলিছিল। মাজ ৰাতিৰ নিৰ্জন প্ৰহৰ ভেদি উফৰি আহিছিল কাৰোবাৰ মৰণকাতৰ আৰ্তনাদ।

দুপৰীয়ালৈ ৰ’দ এজাক ওলাল। কাদমে বোৱাৰীয়েকৰ লগত লাগি ভাগি ভিতৰতে ৰচিত মেলি থোৱা কাপোৰসোপা জেওৰাই-জপনাই মেলি দিলে। কাপোৰৰ বিৰক্তিকৰ গোন্ধটোৱে তাইৰ পেটটো পকাই আনিলে। কোনোমতে সেপ গিলি উভতিব লওতেই বোৱাৰীয়েকে আব্দাৰেৰে ক’লে, পাই(আই) লংকিৰ মাছ-পুঠি কিবা খাবলৈ মন গৈছে হ’ব পায়! বিললৈ যাবলৈ জেওৰ ধৰিছে। আপুনিয়ে লৈ যাওক নহলে। গাটোও ধুৱাই আনিব তাক।

দেও দি যোৱা হৰিণাৰ খোজেৰে লুটি-বাগৰ মাৰি লংকি আইতাকৰ আগে আগে বিল পালেগৈ। তেজীমলা গছবোৰৰ মাজেৰে বিললৈ নামি যোৱা বাটটোৰে সি নামি গল। আইতাকৰ হকা-বধা চিঞৰ-বাখৰ তাৰ কাণত নোসোমাল। কাদমে শকত-আৱত দেহাটোৰে পানীত নামেগৈ মানে লংকিয়ে শিল এছটাত বহি আইতাকলৈ পানী ছটিয়াবলৈ ধৰিলে। হাঁহোতে মুদ খাই যোৱা সৰু সৰু চকুহাল টিপিয়াই আইতাকক সি জোকালে, ‘ঐ গামবুৰী, আমাৰ ফালে আহিবিনা! ভাল ভাল মাছ আনিছে।’

কাদমৰ খং উঠিলেও হাঁহি হে ওলাল। দেওবৰীয়া বজাৰত চালানী মাছৰ বেপাৰীবোৰে লংকিৰ দৰেই গ্ৰাহকক মাতি আকৰ্ষণ কৰিব খোজে। কাদমে আকৌ সেইবোৰ মাছৰ কাষেই নাচাপে। কাদমে নোৱাখালি মাছ বেপাৰীৰ ভাও ধৰা লংকিৰ কাষলৈ গৈ তাক ভাকুটকুটাই দিলে। ‘আমাৰ ফালে তো ইনেকা মাছ নেখাই হ’ বেপাৰী। ইনেকা হে খায়’। এই বুলি কাদমে কেঁকোৰা এটা হাতেৰে ওপৰলৈ তুলি ধৰিলে। লংকি আৰু কাদমৰ খিলখিলনিত চক্ খাই বিলৰ পাৰত পৰ দি থকা বগলী এজাক দূৰলৈ উৰি গল। (আগলৈ)

+++
(আৰ্লেং শব্দৰ অৰ্থ: মানুহ, স্বজাতি, সুহৃদ)

 

Related Articles

1 thought on “আৰ্লেং-১”

Leave a Reply

Your email address will not be published. Required fields are marked *

Close