অসমবিনোদনশীৰ্ষ

মুক্তিৰ পথত ‘অভিশ্ৰুতি’

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ : অসমৰ লোকসংগীতৰ সংমিশ্ৰণেৰে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা অসমৰ জীয়ৰী অভিশ্ৰুতি বেজবৰুৱা। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ সম্পৰ্কিত পৰিয়ালত জন্মগ্ৰহণ কৰা এইগৰাকী শিল্পীৰ প্ৰথমটো গীতৰ এলবাম “অভিশ্ৰুতি” কাইলৈ মুক্তি পাব।

গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা সংবাদ মেলত কণ্ঠশিল্পীগৰাকীয়ে প্ৰকাশ কৰে যে, এই এলবামটোত সমাহাৰ ঘটিছে ভক্তি, শান্তি, প্ৰেম, বিহু আৰু শৰৎ ঋতু উদযাপনৰ বিষয়সমূহ।

অভিশ্ৰুতি বেজবৰুৱাৰ নবীনতম এলবামটোৰ মুক্তিৰ প্ৰাক-মুহুৰ্তত আয়োজন কৰা সংবাদ মেলত উপস্থিত থাকে জনপ্ৰিয় গীতিকাৰ, সুৰকাৰ ইবচন লাল বৰুৱা, ৰ’স্তী আহমেদ আৰু অভিনেতা হেমন্তৰ লগতে বহু শুভাকাংক্ষী লোক।

অভিশ্ৰুতি বেজবৰুৱাৰ গীতে ইতিমধ্যে খলকনি তুলিবলৈ সক্ষম হৈছে অসমৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত। মুম্বাই, ক’লকাতা, বাংগালুৰু, আমেৰিকাৰ লছ এঞ্জেল, লণ্ডন আদি বিভিন্ন ঠাইত গীত পৰিবেশন কৰি অসমলৈ শুনাম কঢ়িয়াই আনিছে এগৰাকী কণ্ঠশিল্পীয়ে। তেওঁ কণ্ঠদান কৰা বহুকেইটা গীত ৰাইজে আদৰি লৈছে। তাৰ ভিতৰত ‘এছাটি বতাহ’ , ‘ৰৈ ৰৈ ৰটি’ , ‘তোক দেখি মোৰ গা’ অন্যতম। অভিশ্ৰুতি কেৱল কণ্ঠশিল্পীয়েই নহয়, তেওঁ সুৰকাৰ তথা ছাউণ্ড ডিজাইনাৰো।

ভাটখাণ্ডে সংগীতবিদ্যাপীঠত সংগীতৰ শিক্ষা গ্ৰহণ কৰা আৰু পাশ্চাত্য সংগীতৰ পৰা আৰম্ভ কৰি বৰগীতলৈ সকলোতে পাৰ্গত এইগৰাকী কণ্ঠশিল্পীৰ প্ৰথমটো এলবাম চলিত বৰ্ষৰ ১৭ ছেপ্টেম্বৰৰ সন্ধিয়া ৬ বজাত আনুষ্ঠানিকভাৱে মুক্তি লাভ কৰিব গুৱাহাটীৰ ‘ৰেকেটছ এণ্ড বিলিয়াৰ্ডছ’ত। এলবামটো মুকলি কৰিব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close