Home / অসম / অখিল গগৈৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদ: বৰপেটাত আটক KMSS ছাত্ৰমুক্তিৰ ১০ প্ৰতিবাদকাৰী

অখিল গগৈৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদ: বৰপেটাত আটক KMSS ছাত্ৰমুক্তিৰ ১০ প্ৰতিবাদকাৰী

প্ৰথম খবৰ, বাঘবৰ: কৃষক নেতা অখিল গগৈৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদ অব্যাহত ৷ সমগ্ৰ ৰাদ্যজুৰি প্ৰতিবাদৰ জোৱাৰ উঠিছে কৃষক নেতাগৰাকীৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে ৷ বুধবাৰে নিশা বৰপেটাৰ পালহাজীত কৃষকমুক্তি আৰু ছাত্ৰমুক্তিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ কৰাৰ পাছত আজি বৰপেটাৰ বিভিন্ন স্থানত পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷

আজি বৰপেটা জিলা কাৰাগাৰৰ সমীপৰ ভাতকুছিত বৰপেটা-বাঘবৰ সংযোগী পথ অৱৰোধ কৰে বৰপেটা জিলা কৃষকমুক্তি সংগ্ৰাম সমিতিয়ে ৷ আজি বৰপেটা জিলা কাৰাগাৰৰ সমীপৰ ভাতকুছিত পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বৰপেটা জিলা সমিতিৰ দহজন নেতা কৰ্মীক আটক কৰে আৰক্ষীয়ে।

অখিল গগৈৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদ জনোৱা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বৰপেটা জিলা সমিতিৰ যুটীয়া সম্পাদক নাজিমূল হক, সাংগঠনিক সম্পাদক আবু ছুফিয়ানসহ কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ দহজন নেতা কৰ্মীক আটক কৰে বৰপেটা আৰক্ষীয়ে ৷ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ১৫১ ধাৰাত গোচৰ ৰুজু কৰি আটক কৰিছে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ প্ৰতিবাদকাৰীসকলক ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

*