অসম

 বাক্সাত অস্ত্ৰসহ যুৱক গ্ৰেপ্তাৰ

প্ৰথম খবৰ, মুছলপুৰ: বাক্সা জিলাৰ শিমলা থানাৰ অন্তৰ্গত সৰু চকাদলত পিষ্টলসহ আজি সেনা আৰু আৰক্ষীয়ে যুটীয়া অভিযান চলাই এজন যুৱকক গ্ৰেপ্তাৰ কৰে। সেনা আৰু আৰক্ষীৰ যুটীয়া অভিযানত ধৃতযুৱক জন হ’ল মহেন্দ্ৰ খাটনীয়াৰ (৪৮) আৰক্ষীয়ে চিনাক্ত কৰিছে। ধৃত যুৱকজনৰ পৰা ৭.৬৫ এম এম পিষ্টল এটা আৰু দুজাইৰ সজীৱ গুলী উদ্ধাৰ কৰে।

আনহাতে, আৰক্ষীয়ে খেৰৰ পুঁজিত কাপোৰেৰে বান্ধি থোৱা অৱস্থাত  পিষ্টলসহ গুলী দুজাইৰ  উদ্ধাৰ কৰে। ধৃত লোকজন পেচাত কাপোৰৰ দোকানী। ভলুকামুৰী চ’কত কাপোৰৰ দোকানীৰূপে চিহ্নিত ধৃত মহেন্দ্ৰ খাটনীয়াৰক সম্প্ৰতি শিমলা থানাত আৰক্ষীয়ে সোধা-পোচা কৰি আছে।

Related Articles

Leave a Reply

Close