অসম

বৰক্ষেত্ৰীৰ কাপলাবড়ীত ব্যৱসায়ীক প্ৰতিষ্ঠানত চুৰি

চোৰে লুটিলে পাচ লক্ষাধিক টকাৰ সামগ্ৰী

জয়ন্ত ডেকা, প্ৰথম খবৰ, মুকালমুৱা: মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত কাপলাবড়ীত নিশা সংঘটিত হয় চুৰিকাণ্ড৷ পৰাণ আলী নামৰ ব্যৱসায়ীজনৰ ব্যৱসায়ীক প্ৰতিষ্ঠানৰপৰা নিশা চোৰে চুৰি কৰি লৈ যায় প্ৰায় পাঁচ লক্ষাধিক টকাৰ সামগ্ৰী৷

দোকানৰ তলা ভাঙি চোৰৰ দলটোৱে দোকানৰ ভিতৰত প্ৰবেশ কৰি এফালৰপৰা লুটি লৈ যায় দোকানৰ সামগ্ৰী ৷ এলইডি টিভিৰপৰা আৰম্ভ কৰি লেপটপ, ম’বাইল ফোনসহ বহুতো ইলেকট্ৰনিক সামগ্ৰী চোৰৰ দলটিয়ে চুৰি কৰি লৈ যায়৷ ৰাতিপুৱা দোকানখনৰ স্বত্তাধিকাৰী পৰাণ আলীয়ে দোকান খুলিবলৈ আহি প্ৰত্যক্ষ কৰে দোকানৰ তলা ভঙা অৱস্থা৷

পিছত দোকানৰ ভিতৰত স্বত্তাধিকাৰী পৰাণ আলীয়ে প্ৰৱেশ কৰি দোকানৰ ৮০% সামগ্ৰী নোহোৱা প্ৰত্যক্ষ কৰে৷ দোকানখনৰ স্বত্তাধিকাৰী পৰাণ আলীয়ে জনোৱা মতে প্ৰায় পাঁচ লক্ষাধিক টকাৰ সামগ্ৰী চোৰে চুৰি কৰি লৈ যায়। ইতিমধ্যে দোকানখনৰ স্বত্তাধিকাৰী পৰাণ আলী দৌলাশাল আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে৷ দৌলাশাল আৰক্ষীয়েও চুৰি সামগ্ৰী আৰু চোৰৰ দলটিক বিচাৰি আৰম্ভ কৰিছে তদন্ত ৷

Related Articles

Leave a Reply

Close