অসমবিনোদনশীৰ্ষ

আহি আছে ৰাজদ্বীপৰ ‘বেপৰোৱা প্ৰেম’

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ : অসমৰ এগৰাকী জনপ্ৰিয় যুৱ সাংবাদিক ৰাজদ্বীপ। ৰাজদীপ কেৱল সাংবাদিকে নহয়, তেওঁ বৰ্তমান অসমত জনপ্ৰিয় এগৰাকী নাট্যকাৰ হিচাপেহে। ইতিমধ্যে বলিয়া কৃষ্ণ, বেকাৰ বাহুবলী, বনৰীয়া, ব্ৰেকিং নিউজ আৰু বেতাল পুলিচ নাটকেৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ ইতিহাসত এক বিকল্পহীন স্থান দখল কৰিবলৈ সক্ষম হৈছে এইগৰাকী যুৱ সাংবাদিক তথা নাট্যকাৰগৰাকী।

চলিত বৰ্ষত হেঙুল থিয়েটাৰৰ বলিয়া দ্ৰৌপদী আৰু চিৰঞ্জীৱ থিয়েটাৰৰ বিন্দাছ, কহিনুৰ থিয়েটাৰত বেষ্ট অব লাক  নামৰ নাট তিনিখনে ৰাইজৰ যথেষ্ট সঁহাৰি লাভ কৰিছে। ৰাজদ্বীপৰ এইকেইখন নাটকৰ প্ৰতিটো দৰ্শনীটেই হাউছফুল হৈ, অসমৰ  বিভিন্ন ঠাইত সগৌৰবেৰে চলি আছে।

কিন্তু তাতোকৈ ভাল খবৰ যে, ২০১৮-১৯ বৰ্ষৰ কহিনুৰ থিয়েটাৰত অসমৰ ৰাইজে দেখিবলৈ পাব ৰাজদ্বীপৰ আন এখন নাট ‘বেপৰোৱা প্ৰেম’। নাটখনত অভিনয় কৰিব অসমৰ জনপ্ৰিয় অভিনেতা অৰূপ বৰা, মিনাক্ষী নেওগ, পল্লৱী ফুকন, ৰাজ ভৈৰৱ আৰু বহুকেইগৰাকী জনপ্ৰিয় শিল্পীয়ে।

Related Articles

Leave a Reply

Close