Home / অসম / পুনৰ উদঙ খালে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগ

পুনৰ উদঙ খালে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগ

বিহপুৰীয়াৰ পৰা সঞ্জীৱ দত্ত, প্ৰথম খবৰ: ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে  শিক্ষা ব্যৱস্থাৰ উন্নয়নৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিলেও বাস্তৱ ক্ষেত্ৰত বিহপুৰীয়াৰ শিক্ষা ব্যৱস্থাৰ মানদণ্ডই বিভাগটোৰ ফোঁপোলা স্বৰূপটোকে উদঙাই দিছে ৷ বিহপুৰীয়াৰ অধিকাংশ বিদ্যালয়ৰ জৰাজীৰ্ণ গৃহতে পাঠদান কাৰ্য অব্যাহত ৰাখিব লগা হৈছে ৷  বিদ্যালয়সমূহত জৰাজীৰ্ণ গৃহতে পাঠদান কাৰ্য অব্যাহত থকাৰ বিপৰীতে শ্ৰেণী অনুসৰি শিক্ষকৰ অভাবেও তীব্ৰ সমস্যাত পেলাইছে অভিভাবক ছাত্ৰ-ছাত্ৰীসকলক।

বিহপুৰীয়া প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত ১৯৮০ চনতে প্ৰতিষ্ঠিত দহঘৰীয়াৰ আনন্দী গাঁওবুঢ়া প্ৰাথমিক বিদ্যালয়ৰ আজিৰ দিনটোৰ এইখন ছৱিয়ে চৰকাৰী শিক্ষা খণ্ডৰ প্ৰকৃত ছৱিখন উদঙাই দিছে ৷

দুগৰাকী শিক্ষয়িত্ৰীয়ে একেটা শ্ৰেণী কোঠাতে পাঠদান কৰি আহিছে পাঁচটা শ্ৰেণীৰ সত্তৰ গৰাকীতকৈ অধিক ছাত্ৰ-ছাত্ৰীক ৷ কিবা কাৰণত এগৰাকী শিক্ষয়িত্ৰী উপস্থিত নাথাকিলে এগৰাকী শিক্ষয়িত্ৰীয়েই পাঠদান কৰে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলক ৷ এজনীয়া বা দুজনীয়া শিক্ষকেৰে পৰিচালনা কৰিব লগা হোৱা এই চৰকাৰী বিদ্যালয়সমূহ শীঘ্ৰে শিক্ষক নিযুক্তি দি বিদ্যালয় গৃহ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *

*