অসম

আন্ধেৰীঘাটত বন্ধ সমৰ্থকৰে ব্যবসায়ী-আৰক্ষীৰ সংঘাট

আন্ধেৰীঘাটৰ হলধৰ চহৰীয়া, প্ৰথম খবৰ: বডোলেণ্ডৰ দাবীত এবছুকে ধৰি তিনিটা সংগঠনে আহ্বান জনোৱা বি টি এ ডি বন্ধক লৈ সংঘাট সৃষ্টি হয় বুঢ়া আৰক্ষী আৰু বন্ধ সমৰ্থকৰ।ৰাতিপুৱা ব্যবসায়ীসকলে ব্যৱসায়-প্ৰতিষ্ঠানসমূহ খুলিবলৈ লোৱাত বন্ধ সমৰ্থকে বাধা প্ৰদান কৰে।

এই খবৰ পাই বুঢ়া আৰক্ষী ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয়।বন্ধ সমৰ্থকে আৰক্ষীক যিকোনো অপ্ৰীতিকৰ পৰিস্হিতি সৃষ্টি হ’লে আৰক্ষীয়ে জগৰীয়া হ’ব বুলি সকীয়াই দিয়ে।উল্লেখ্য যে, আন্ধেৰীঘাট বি টি এ ডিৰ অন্তৰ্ভুক্ত নহয়।শিক্ষানুষ্ঠানসমূহকো সমৰ্থকে বন্ধ কৰিবলৈ হেঁচা প্ৰদান কৰে।অৱশ্যে আৰক্ষীয়ে দোকান-পোহাৰসমূহ খুলিবলৈ দি সম্পূৰ্ণ নিৰাপত্তা প্ৰদান কৰা পৰিলক্ষিত হয়।

Related Articles

Leave a Reply

Close