অসমশীৰ্ষ

বোকাজানৰ বৰপথাৰ আৰক্ষী নাকা তালাচীত চাৰি গাড়ী চোৰ আটক

 বোকাজানৰ পৰা অংকুৰ গগৈ, প্ৰথম খবৰ: ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা চোৰে চাৰিচকীয়া আৰু দুচকীয়া বাহনসমূহ চুৰি কৰি আনি পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সীমামূৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিপাপুৰত বিক্ৰী কৰিবৰ বাবে বোকাজান মহকুমাৰ মাজেদি যোবা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথটো কৰিডৰ ৰূপে ব্যৱহাৰ কৰি আহিছে ৷

৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থকা বোকাজান মহকুমাৰ অন্তৰ্গত বৰপথাৰ আৰক্ষী থানাৰ নাকা তালাছীত বৰপথাৰ আৰক্ষীয়ে আজি চাৰি গাড়ী চোৰক কৰায়ক্ত কৰাৰ লগতে এখন টাটা চুমু উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে কৰায়ক্ত কৰা চোৰকেইটা হ’ল ক্ৰমে বোকাজান মহকুমাৰ খটখটিৰ কৃষ্ণ ৰায়, শোণিতপুৰৰ চাইদুল ইছলাম, নগাঁৱৰ তপন ৰায় আৰু নাগালেণ্ডৰ ঊষাৰ লিছাংথং ছিটিৰি ৷

উল্লেখ্য যে, নগাঁৱৰ পৰা চুৰি কৰি অনা এ এছ-০২-এছ-৮৪০৩ নম্বৰৰ টাটা চুমুখনৰ গৰাকী নগাঁৱ জিলাৰ গৰৈমাৰীৰ ধ্ৰুজ্যেতি গগৈ বুলি জানিব পৰা গৈছে ৷ বৰপথাৰ আৰক্ষীয়ে ইতিমধ্যে এক গোচৰ ৰজু কৰি অধিক তথ্যৰ বাবে চোৰ কেইটাক ডেকা অব্যাহত ৰাখিছে ৷

Related Articles

Leave a Reply

Close