অসমবিনোদনশীৰ্ষ

হেঙুলৰ পৰিকল্পকৰ মুখত ৰাজদ্বীপৰ প্ৰশংসা

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ : অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ ইতিহাসত এক ধ্ৰুৱতৰাৰ স্থান দখল কৰিছে হেঙুল থিয়েটাৰে। বিগত বছৰকেইটাত অভূতপূৰ্ব সফলতাৰ পিছত এইবাৰ এক নতুন ৰূপত সাজু হৈছে হেঙুল থিয়েটাৰে।

ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত খলকনি তুলিছে হেঙুল থিয়েটাৰ ২০১৭-১৮ বৰ্ষৰ বলিয়া দ্ৰৌপদী নাটখনে। নাটখনত দ্ৰৌপদীৰ চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী  মুনমী ফুকনে। কিন্তু কি বলিয়ালি কৰিছে দ্ৰৌপদীয়ে সেয়া নাটখন উপভোগ কৰাসকলে ক’ব পাৰিব। কিন্তু যিজনে নাটখন চাইছে তেওঁৰ মুখত কেৱল নাটখনৰ গুণ-গৰিমা।

যুৱ নাট্যকাৰ তথা সাংবাদিক ৰাজদ্বীপে নাটখনত নাৰীৰ সৱলীকৰণৰ ওপৰত গুৰুত্ব দিছে, যাৰ ফলত এটা ভাল বাৰ্তা পাইছে দৰ্শকে। পৰিচালক সংকল্পজিৎ হাজৰিকাৰ নিৰ্দেশনাত নাটখনত অভিনয় কৰা প্ৰতিজন অভিনেতা – অভিনেত্ৰীয়ে নিজকে সুন্দৰকৈ উপস্থাপন কৰিবলৈ সক্ষম হৈছে। তদুপৰি নাট্যকাৰ ৰাজদ্বীপৰ এই নাটখনৰ গীতকেইটাত কণ্ঠদান কৰিছে জুবিন গাৰ্গ আৰু জুবলীয়ে। তেওঁলোকৰ গীতে দৰ্শকক অন্য এক আমেজ দিছে।

বিগত বছৰকেইটাত ‘বলিয়া কৃষ্ণ’ আৰু ‘বৰণীয়া’ এই দুখন সুন্দৰ নাটক ৰাজদীপে উপহাৰ দিছিল হেঙুল থিয়েটাৰক। সমগ্ৰ অসমতে এক আলোড়নৰ সৃষ্টি কৰিছিল এই নাট দুখনে। কিন্তু হেঙুলৰ পৰিকল্পক পংকজ হাজৰিকাৰ মতে ৰাজদ্বীপে বলিয়া কৃষ্ণতকৈয়ো ভাল নাট লিখিছে ৰাজদ্বীপে। তেওঁৰ মতে এইবাৰ পূজাৰ বতৰত দ্ৰৌপদীৰ বলিয়ালিয়ে আপ্লুত কৰিব অসমৰ বিভিন্ন প্ৰান্তত থকা দৰ্শকক।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close