অসমবিনোদন

দুৰ্গোৎসৱৰ সময়তে বলিয়ালি চলাব ‘বলিয়া দ্ৰৌপদী’য়ে

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ : অসমৰ সংস্কৃতিক জীৱিত কৰি ৰখাত বিশেষ ধৰণে সহায় কৰি আহিছে ভ্ৰাম্যমাণ থিয়েটাৰসমূহে। অসমৰ ইমুৰৰ পৰা সিমুৰলৈ নাটকৰ প্ৰতিভাৰে হাজাৰজনৰ মন জয় কৰিবলৈ সক্ষম হৈছে এই থিয়েটাৰসমূহে। বিকল্প নহয় হেঙুল থিয়েটাৰো। আৰম্ভণিৰে পৰা দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰিছে থিয়েটাৰখনে।

চলিত বৰ্ষত হেঙুল থিয়েটাৰৰ শ্ৰেষ্ঠ নাট হিচাপে চৰ্চিত হৈছে যুৱ নাট্যকাৰ তথা সাংবাদিক ৰাজদ্বীপৰ নাট ‘বলিয়া দ্ৰৌপদী’য়ে। নাৰী সৱলীকৰণৰ ওপৰত গুৰুত্ব দি লিখা নাটখনত যথেষ্ট গভীৰ বাৰ্তা দৰ্শকলৈ প্ৰেৰণ কৰা বুলি প্ৰকাশ কৰে দৰ্শকসকলে। নাটখনত দ্ৰৌপদীৰ চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী মুনমী ফুকনে। কিন্তু কি বলিয়ালি কৰিছে দ্ৰৌপদীয়ে সেয়া নাটখন উপভোগ কৰিলে বুজিব প্ৰতিজন লোকে। বিগত বছৰকেইটাত হেঙুল থিয়েটাৰৰ বনৰীয়া, বলিয়া কৃষ্ণ আদি বিভিন্ন নাটকৰ চৰ্চা বৰ্তমানলৈ চলি আছে। তেনেক্ষেত্ৰত ৰাজদ্বীপৰ আন এখন সুস্থ, সবল আৰু শক্তিশালী নাট ‘বলিয়া দ্ৰৌপদী’য়ে বৰ্তমান চৰ্চা লাভ কৰিছে নাট্যপ্ৰেমী সকলৰ মাজত।

Related Articles

Leave a Reply

Close