অসমবিনোদনশীৰ্ষ

ডেবিউ এলবাম মুকলি কৰিলে অভিশ্ৰুতিয়ে

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ : অসমৰ শিল্পী সমাজত আন এক তৰাৰ সংযোজন হ’ল। তেওঁ ইউটিউবত খলকনি তোলা ‘ৰৈ ৰৈ ৰটি’ খ্যাত অভিশ্ৰুতি বেজবৰুৱা।

বানাৰস ঘাৰাণাৰ হিন্দুস্তানী ধ্ৰুপদী শিল্পীৰূপে নিজৰ নাম উজলাবলৈ সক্ষম হোৱা এইগৰাকী অসম সন্তানৰ প্ৰথমটো গীতৰ এলবাম  ‘অভিশ্ৰুতি’য়ে আজি মুক্তি লাভ কৰে। গুৱাহাটী মহানগৰীৰ গীতানগৰৰ ৰেকেটছ এণ্ড বিলিয়াৰ্ডছ’ত অসমৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নব কুমাৰ দলে, কমলাবাৰী সত্ৰৰ গোসাঁই, অসমৰ জনপ্ৰিয় অভিনেতা কপিল বৰা, জেৰিফা ৱাহিদ, কণ্ঠশিল্পী মালবিকা বৰা, ৰিতিশাকে আদি কৰি বহুকেইজন তাৰকাৰ উপস্থিতিত এই এলবামটো মুক্তি দিয়া হয়।
এলবামটোত মুঠ ৬ টা গীত সন্নিৱিষ্ট কৰা হৈছে আৰু তাৰ এটা গীতৰ ভিডিঅ’ তৈয়াৰ কৰা হৈছে।

Related Articles

Leave a Reply

Close