অসম

⁠⁠⁠⁠⁠ডিগবৈ বিশিষ্ট উপন্যাসিক তথা ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ শেষ নিশ্বাস ত্যাগ

ডিগবৈৰ পৰা মনোৰঞ্জন দাস, প্ৰথম খবৰ: ডিগবৈ বিশিষ্ট উপন্যাসিক তথা ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত প্ৰধান শিক্ষক উপেন বৰঠাকুৰ ৮০ বছৰ বয়সত বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ নিশা ডিগবৈ বালিজানৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। সমগ্র অঞ্চল জুৰি শোকৰ ছাঁ পৰে।

আজি বিভিন্ন অনুষ্ঠান – প্ৰতিষ্ঠানে শেষ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। ডিগবৈ বালিজান- বৰজান অঞ্চলৰ বিভিন্ন অনুষ্ঠানৰ প্ৰতিষ্ঠাপক আছিল বৰঠাকুৰ । প্ৰায় দুকুৰিও অধিক উপন্যাস ৰচনা কৰি প্ৰকাশ কৰা বৰঠাকুৰে মৃত্যুৰ সময়ত বহু গুণমুগ্ধ লগতে পত্নীসহ দুটি পুত্ৰ,বোৱাৰী, এগৰাকী কন্যা, জোঁৱাই নাতি-নাতিনী এৰি থৈ যায়।

আজি পুৱা ভাগত বৰঠাকুৰে প্ৰতিষ্ঠা কৰা বালিজান বৰজান মধ্য ইংৰাজী বিদ্যালয়লৈ নৰশ্বৰ দেহ সুসজ্বিত বাহনত নিজা বাসগৃহৰ পৰা লৈ যায়। তাতেই বালিজান বৰজান শাখা সাহিত্য সভ , ডিগবৈ প্ৰেছ ক্লাৱ, বিদ্যালয় ছাত্ৰ-ছাত্ৰী , শিক্ষক-শিক্ষয়তী, জেষ্ঠ নাগৰিক সন্থা আদি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।

Related Articles

Leave a Reply

Close