অসম

কটনৰ বিচিএমজেত সুধাকণ্ঠৰ জন্ম দিৱস উদযাপন

গীতাশ্ৰী মুন কলিতা: 
সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্মতিথিৰ লগত সংগতি ৰাখি কটন বিশ্ববিদ্যালয়ৰ “ডঃ ভূপেন হাজৰিকা গণসংযোগ আৰু সাংবাদিকতা কেন্দ্ৰ”টিয়ে গণসংযোগ’ দিৱস ৰূপে ভূপেন হাজৰিকাৰ ৯১ সংখ্যক জন্মতিথি ছুডমাৰ্ছন হলত পালন কৰে। ৩ ডিচেম্বৰ ২০০৪ চনত স্থাপিত হোৱা কটনৰ ইডিচি ( Enterpreneurship Development Cell )ক ৮ ছেপ্তেম্বৰ ২০১৪ তাৰিখে ভূপেন হাজৰিকা দেৱৰ ৮৮ সংখ্যক জন্মদিন উপলক্ষে “Dr Bhupen Hazarika Centre for Mass communication and Journalism” নামেৰে নামকৰণ কৰা হৈছিল । তেতিয়াৰ পৰাই এই দিনটো বিচিএমজেই গণসংযোগ দিৱসৰূপে পালন কৰি আহিছে । সেই সূত্ৰেই এই ৯১তম জন্মতিথিও খুব সুন্দৰকৈ পালন কৰা দেখা গ’ল। বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত উপস্থিত থাকে সাংবাদিকতা কেন্দ্ৰটিৰ প্ৰবীণ নবীন ছাত্ৰ ছাত্ৰীসকল, অধ্যাপক-অধ্যাপিকা, কৰ্মচাৰীৰ লগতে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ভৱেশ চন্দ্ৰ গোস্বামী। বিশিষ্ট অতিথিৰ ৰূপত উপস্থিত থাকে লেখক তথা গীতিকাৰ লোকনাথ গোস্বামী। গোস্বামীয়ে তেওঁৰ আৰু ভূপেন হাজৰিকাৰ বহুতো স্মৰণীয় ঘটনা, বিভিন্ন ধনাত্মক কথাৰে বক্তব্য দাঙি ধৰাৰ লগতে সুধাকণ্ঠৰ গীত পৰিৱেশন কৰে। ইয়াৰ উপৰি অধ্যয়নৰত ছাত্ৰ ছাত্ৰীয়ে সমবেত সংগীত পৰিৱেশন কৰি সুধাকণ্ঠক স্মৰণ কৰে। অনুষ্ঠানটিৰ সামৰণি কৰা হয় প্ৰাক্তন ছাত্ৰী নাজনিন উল্লাৰ “মানুহে মানুহৰ বাবে” শীৰ্ষক গীতটিত ভায়োলিন বাদনৰ মাধ্যমেৰে।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close