অসমশীৰ্ষ

হাফলঙত যুৱতীৰ মৃতদেহ উদ্ধাৰ

হাফলঙৰ পৰা স্বদীপ হাছামছা, প্ৰথম খবৰ: হাফলঙৰ ব’থ হাউছৰ ওচৰত এজন যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত। বৰ্তমানলৈ আৰক্ষীয়ে যুৱতীগৰাকীৰ মৃত্যুৰ কাৰণ জানিব পৰা নাই।

কালি সন্ধিয়া ব’ট হাউছৰফালে সন্ধ্যা ভ্ৰমণৰ কাৰণে যোৱা কেইজনমান লোকে পৰিলক্ষিত কৰে যুৱতীগৰাকীৰ মৃতদেহ। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, যুৱতীগৰাকীৰ প্ৰতীক্ষা নাথ, হাফলঙৰ নিবাসী সমৰ নাথৰ জীয়ৰী প্ৰতীক্ষা। যুৱতীগৰাকী বৰ্তমান শিলপুখুৰীস্থিত ছাই বিকাশ জুনিয়ৰ কলেজৰ ছাত্ৰী।

 

Related Articles

Leave a Reply

Close